বিধানসভাৰ আৰম্ভণিতেই অখিল গগৈক বিধানসভাৰ পৰা নিলম্বন...
বিধানসভাৰ আৰম্ভণিতেই অখিল গগৈক বিধানসভাৰ পৰা নিলম্বন...  
অসম

আপোচহীনতাৰ বাবেই অখিলৰ বিৰুদ্ধে পুনৰ ষড়যন্ত্ৰঃ ৰাইজৰ দল...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ে পূৰ্বে নিয়াৰ আদালতে খাৰিজ কৰা গোচৰ পুনৰ চলাবলৈ দিয়া ৰায়ৰ সন্দৰ্ভত দলটোৰ নেতৃত্বই তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰি ৰাইজৰ দলৰ নেতৃত্বই কয় যে, অখিল গগৈৰ বিৰুদ্ধে চৰকাৰে গভীৰ ষড়যন্ত্ৰ চলাই আহিছে।

কেন্দ্ৰত বিজেপিৰ চৰকাৰ গঠন হোৱাৰ পাছৰে পৰাই বিৰোধী ৰাজনৈতিক দলৰ বিৰুদ্ধে, ই ডি, চি বি আই, নিয়াক ব্যৱহাৰ কৰিছে মোডী চৰকাৰে। ২০১৪ চনৰ পৰা ১১৫ জন বিৰোধী ৰাজনৈতিক নেতাৰ বিৰুদ্ধে ই ডিৰ তদন্ত চলিছে।

এই পৰিসংখ্যা ইউ পি এ চৰকাৰৰ শাসনতকৈ ৪ গুণ বেছি। একেদৰে মোডী চৰকাৰৰ দিনত ১২৪ জন ৰাজনৈতিক নেতাৰ বিৰুদ্ধে চৰকাৰে তদন্ত চলাইছে। ইয়াৰে ১১৮ জন বিৰোধী নেতা।

দেশৰ সৰ্বোচ্চ তদন্তকাৰী সংস্থাক বিৰোধী ৰাজনৈতিক নেতাৰ বিৰুদ্ধে মোডী চৰকাৰে ব্যৱহাৰ কৰি আহিছে। সেই কুটিল ষড়যন্ত্ৰৰে বলি হৈছে অখিল গগৈ। ২০১৯ চনত ৰাজ্যত গা কৰি উঠা কা বিৰোধী আন্দোলনক মষিমূৰ কৰিবলৈ অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অখিল গগৈক।

পৰৱৰ্তী সময়ত এই গোচৰ নিয়াই গ্ৰহণ কৰিছিল। প্ৰায় ডেৰবছৰ ধৰি চলিছিল অখিল গগৈৰ আইনী যুঁজ। অসমবাসী ৰাইজৰ দান, বৰঙণিৰে চলিছিল সেই যুঁজ। কাৰাগাৰত থাকি বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল অখিল গগৈ।

বিগত সময়ছোৱাত অখিল গগৈয়ে ড০ হিমন্ত বিশ্ব শৰ্মা, তেওঁৰ পৰিয়াল, ৰাজনৈতিক ব্যৱসায়ী সতীৰ্থৰ বিৰুদ্ধে বৃহৎ বৃহৎ অপৰাধ ফাদিল কৰিছিল। বিধানসভাৰ বাহিৰে ভিতৰে অখিল গগৈয়ে চৰকাৰৰ বিৰুদ্ধে মাত মতাৰ ফলতেই এই চৰকাৰে তেওঁৰ বিৰুদ্ধে এনে গভীৰ ষড়যন্ত্ৰত নামি পৰিছে। ৰাইজৰ দলৰ হৈ সংবাদ মেল সম্বোধন কৰি ভাস্কো ডি শইকীয়াই এই অভিযোগ উত্থাপন কৰে।