অসম

ৰহাত ভয়ংকৰ অগ্নিকাণ্ড…

asomiyapratidin

ডিজিটেল সংবাদ,ৰহা : ৰহা মেটেকাৰ শিব শৰ্মাৰ ঘৰত ভয়ঙ্কৰ অগ্নিকাণ্ড। আজি পুৱা প্ৰায় পাঁচ মান বজাত অগ্নিকাণ্ড সংঘটিত হয়। অভিযোগ মতে শিৱ শৰ্মাৰ পুত্ৰ ৰাজদীপ শৰ্মাই জ্বলাই দিছে বুলি জানিব দিয়ে পৰিয়ালৰ লোকে ।

ঘটনাৰ খবৰ লাভ কৰি ৰহা অগ্নিনিৰ্বাপক বাহিনীৰ তিনি খনকৈ বাহনৰ জৰিয়তে অগ্নি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় এই অগ্নিকাণ্ডত শিৱ শৰ্মাৰ গৃহটো সম্পূৰ্ণ ভাৱে যাহ যায় যদিও অন্য এটা পৰিয়াল ৰমেন শৰ্মাৰ গৃহ যথেষ্ট ক্ষয় ক্ষতি হয়। অগ্নিকাণ্ডত ৰাজদীপ শৰ্মা আহত হোৱাৰ লগতে প্ৰায় ত্ৰিশ লাখ টকাৰ সাসম্পতি নষ্ট হয়।