অসম

মাজবাটত জোনমনি ৰাভাৰ ন্যায়িক তদন্তৰ দাবীত ৰাভা ছাত্র সন্থাৰ বিশাল সমদল

Asomiya Pratidin

ডিজিটেল সংবাদ,মাজবাটঃ ৰহস্যজনকভাৱে মৃত্যু হোৱা উপ-পৰিদৰ্শক জোনমনি ৰাভাৰ ন্যায়িক তদন্ত বিচাৰি শুকুৰবাৰে মাজবাটত বিশাল প্রতিবাদী সমদল নিখিল ৰাভা ছাত্র সন্থাৰ। মাজবাট আঞ্চলিক নিখিল ৰাভা ছাত্র সস্থা, নিখিল ৰাভা সাহিত্য সভা, নিখিল ৰাভা জাতীয় পৰিষদ আৰু নিখিল ৰাভা মহিলা পৰিষদৰ নেতৃত্ব উলিওৱা এই প্রতিবাদী সমদলত ওৰাং, ৰৌতা মাজবাট ইত্যাদি অঞ্চলৰ পৰা ওলাই অহা হাজাৰ হাজাৰ ৰাইজৰ উপস্থিতিত বিভিন্ন শ্লগানেৰে মাজবাট চহৰ উত্তাল কৰি তোলে।

ৰাভা জনজাতীয় সংগঠনসমূহৰ লগতে আছা, আটচা, জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ গোৰ্খা ছাত্র সস্থা আদি কেবাটাও ছাত্র সংগঠনৰ সহযোগত উলিওৱা এই প্রতিবাদী সমদলটোৱে জোনমনি ৰাভাৰ ন্যায়িক তদন্ত লাগে, বিজিপি গ' বেক, লীনা দলেক গ্রেপ্তাৰ কৰক, ৰুনা নেওক হায় হায়, আভাজোতি ৰাভা, লীনা দলেক, ৰূপজ্যোতি কলিতাক ফাঁচি দিয়ক আদিৰে পৰিৱেশ উত্তাল কৰে। জোনমনি ৰাভাক ন্যায়িক দিয়ক, বিধায়ক অমিয় কুমাৰ ভূঞা হায় হায় ইত্যাদি শ্লগান দি, হাতে হাতে প্লেকার্ড লৈ মাজবাট চহৰৰ মাজমজিয়াৰে গৈ এই প্রতিবাদী সমদলটোৱে কেবাটাও দাবী সম্বলিত এখন স্মাৰক পত্র প্ৰদান কৰে।

মাজবাট ৰাজহ চক্রৰ চক্র বিষয়াক জোনমনি ৰাভাৰ মৃত্যুৰ ন্যায়িক তদন্ত বিচাৰি ছাত্ৰ সংগঠনটোৱে স্মাৰক পত্ৰখনত উল্লেখ কৰা দাবীসমূহ হৈছে- দোষীক চিনাক্ত কৰি আইনীভাবে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা, নগাঁও জিলা তদানীন্তন আৰক্ষী অধীক্ষক লীনা দলে, লক্ষীমপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰুনা নেওগ,বিহপুৰীয়া সমষ্টিৰ বিধায়ক অমিয় কুমাৰ ভূঞাক গ্ৰেপ্তাৰ কৰা, জোনমণি ৰাভাৰ পৰিয়ালক ১ কোটি টকা আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা,নগাওঁ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতা, নগাঁও সদৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশী, উপ পৰিদৰ্শক আভাজোতি ৰাভা আৰু নাওবৈচা আৰক্ষী থানাৰ উপ পৰিদৰ্শক সঞ্জীৱ ৰাভাক গ্ৰেপ্তাৰ কৰিবলৈ দাবী উত্থাপন কৰে।

আনহাতে, CBIৰ হাতলৈ জোনমণি ৰাভাৰ মৃত্যুৰ নিৰপেক্ষ তদন্ত দাবী জনাই CIDৰ তদন্তত মুঠেই সন্তুষ্ট নহয় বুলি কয়। লগতে জোনমনিৰ মৃত্যুৰ ৰহস্যৰ ফাদিল কৰিবলৈ CIDৰ পৰিবৰ্তে CBIৰ হাতত অনতিপলমে হস্তান্তৰ কৰিবলৈ দাবী জনাই ওদালগুৰি জিলা নিখিল ৰাভা ছাত্র সন্থাৰ সভাপতি মন্টু ৰাভাই।

প্রতিবাদী সমদলত উপস্থিত থাকি বিটিচিৰ প্রাক্তন ই এম শ্যাম চুন্ডীয়েও জোনমনি ৰাভাৰ ন্যায়িক তদন্ত দাবী উত্থাপন কৰি নিৰপেক্ষ তদন্তৰ জৰিয়তে দোষীক উপযুক্ত শাস্তি বিহিবলৈ অসম চৰকাৰক দাবী জনায়। ইফালে এই প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰা প্ৰতিটো ছাত্ৰ সংগঠনে জোনমণি ৰাভাৰ মৃত্যুৰ ৰহস্য ফাদিল কৰিবলৈ দাবী উত্থাপন কৰাৰ লগতে আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মা আৰু লীলা দলেৰ সামাজিক মাধ্যমত প্ৰকাশ পোৱা এখন ফটোকলৈ প্ৰতিবাদী সমদলটোৱে মাজবাট ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ সন্মুখত তাৎক্ষণিকভাৱে অনুষ্ঠিত কৰা এখন প্ৰতিবাদী সভাত লীনা দলেক মুখ্যমন্ত্ৰীৰ সম্পৰ্কীয় নেকি বুলি প্ৰশ্ন উত্থাপন কৰে।