অসম

বিশিষ্ট অভিনেতা, সংগীত শিল্পী, প্ৰযোজক পুলক ফুকন আৰু নাই...

Asomiya Pratidin

ডিজিটেল ডেস্ক : অসমৰ সাংস্কৃতিক জগতলৈ দু:সংবাদ। ভ্ৰাম্যমান জগতৰ এসময়ৰ বলিষ্ঠ অভিনেতা, সংগীত শিল্পী, পৰিচালক, প্ৰযোজক পুলক ফুকন আৰু নাই। বৃক্কৰ জটিল ৰোগত আক্ৰান্ত হৈ গহপুৰৰ বড়িগাঁৱৰ ঘৰতে চিকিৎসাধীন হৈ আছিল বিশিষ্ট শিল্পীগৰাকী।

চিকিৎসাধীন অৱস্থাতে তেখেতে আজি শেষ নিশ্বাস ত্যাগ কৰে। মুনলাইট মেডিয়া বঁটা প্ৰাপক পুলক ফুকনৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে সমগ্র গহপুৰ মহকুমাত। সমগ্ৰ অসমৰ সাংস্কৃতিক জগতৰ বাবে এয়া এক অপূৰণীয় ক্ষতি।