অসম

ৰাজ্যজুৰি অংগনবাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অংগবাড়ী কৰ্মী আৰু সহায়িকাসকলে দীৰ্ঘদিন ধৰি নিজ প্ৰাপ্যৰ বাবে কৰি আছে প্ৰতিবাদ। চৰকাৰে বাৰে বাৰে এই কৰ্মীসকলক বিভিন্ন প্ৰতিশ্ৰুতি দি আহিছে যদিও আজি পৰ্যন্ত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে লাভ কৰা নাই নিজৰ প্ৰাপ্য। মঙলবাৰে পুনৰ নিজৰ প্ৰাপ্য বিছাৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অংগনবাড়ী কৰ্মী-সহায়িকাসকলে সাব্যস্ত কৰা প্ৰতিবাদ সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ সবিশেষ বাতৰি...

অংগনবাড়ী কৰ্মীৰ প্ৰতিবাদত উত্তাল হ’ল লাকুৱা সংহত শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়

মঙলবাৰে চৰাইদেউ জিলাৰ টেঙাপুখুৰীস্থিত লাকুৱা সংহত শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ৰ চৌহদত ৰাজ্যিক অংগণবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত কৰে অংগণবাডী কৰ্মী সহায়িকাসকলে৷ লাকুৱা প্ৰকল্পৰ প্ৰায় ৬০ টা কেন্দ্ৰৰ মহিলাসকলে চৰকাৰী কৰ্মচাৰী হিচাপে স্বীকৃতি দিয়া, মাননিৰ সলনি মজুৰি দিয়া, গ্ৰেচুইটি আদায় দিয়া, অৱসৰপ্ৰাপ্ত কৰ্মী সহায়িকাক এককালীন সাহাৰ্য অহা ২০ অক্টোবৰৰ ভিতৰত আদায় দিয়াৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে৷

উল্লেখ্য যে, দীর্ঘদিন ধৰি চৰকাৰৰ বঞ্চনাৰ বলি হৈ আহিছে অংগনৱাড়ী কৰ্মী-সহায়িকা সকল। নিজৰ প্ৰাপ্য বিচাৰি অংগনৱাড়ী কৰ্মী-সহায়িকা সকলে ধাৰাবাহিক প্ৰতিবাদ কৰি অহাৰ পাছতো চৰকাৰে কাণসাৰ নিদিয়াত ক্ষুব্ধ হৈ কৰিছে অংগণবাডী কৰ্মী সহায়িকাসকল ৷

তামুলপুৰত অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ প্ৰাপ্য বিচাৰি প্ৰতিবাদ

অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ তামুলপুৰ জিলা সমিতিয়ে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে সন্মুখীন হৈ থকা সমস্যা সমাধানৰ দাবীত মঙলবাৰে তামুলপুৰত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। অংগনবাড়ী কৰ্মীক ১২ হাজাৰ আৰু সহায়িকাক ১০ হাজাৰ টকা পাৰিশ্ৰমিক প্ৰদান কৰা, অৱসৰীসকলৰ এক কালীন সাহায্য ২০ অক্টোবৰৰ ভিতৰত আদায় দিয়াৰ ব্যৱস্থা কৰা, অসমৰ অংগনবাড়ী কৰ্মী সহায়িকাক গ্ৰেচুইটি দিয়াৰ ব্যৱস্থা কৰা, সহায়িকাক পদোন্নতিৰ ক্ষেত্ৰত বয়সৰ সীমা উঠাই লোৱা , কৰ্মৰত কৰ্মীক মুখ্য সেৱিকা পদলৈ পদোন্নতি দিয়াৰ ব্যৱস্থা কৰা, অসম ৰাজ্যিক অঙ্গনবাদী কেন্দ্ৰৰ গৃহ উন্নতমান বিশিষ্ট কৰাৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। প্ৰতিবাদকাৰী সকলে বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে।