পুৰণি পেঞ্চন নীতি পুনৰ প্ৰবৰ্তনৰ দাবীত এন পি এছ কৰ্মচাৰী সন্থাৰ কৰ্ম বিৰতি...
পুৰণি পেঞ্চন নীতি পুনৰ প্ৰবৰ্তনৰ দাবীত এন পি এছ কৰ্মচাৰী সন্থাৰ কৰ্ম বিৰতি... 
অসম

পুৰণি পেঞ্চন নীতি পুনৰ প্ৰবৰ্তনৰ দাবীত এন পি এছ কৰ্মচাৰী সন্থাৰ কৰ্ম বিৰতি...

Asomiya Pratidin

ডিজিটেল সংবাদ দক্ষিণ শালমাৰাঃ নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি পুনৰ প্ৰৱৰ্তনৰ দাবীত আজি হাটশিঙিমাৰীত জিলা প্ৰশাসনিক কৰ্মচাৰী সন্থাৰ উদ্যোগত এন পি এছ কৰ্মচাৰী সন্থাই কৰ্ম বিৰতি কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত অৱস্থান কৰি উত্তাল প্ৰতিবাদ সাব্যস্থ কৰা পৰিলক্ষিত হয়।

উল্লেখযোগ্য যে, ৰাজ্যৰ আন আন জিলাৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাতো জিলা প্ৰশাসনিক কৰ্মচাৰী সন্থাই কৰ্ম বিৰতি কাৰ্যসূচী ৰূপায়ন কৰে। নতুন পেঞ্চনৰ অধীনত থকা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকলে আজি দিনজুৰি কৰ্ম বিৰতি পালন কৰাৰ উপৰিও হাতে হাতে প্লে'কাৰ্ড লৈ উপায়ুক্তৰ কাৰ্যালয় সম্মুখত দিনৰ ১১ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ অৱস্থান কাৰ্যসূচী ৰূপায়ন কৰে।

নতুন পেঞ্চন নীতি বাতিল কৰক, পুৰণি পেঞ্চন নীতি পুনৰ প্ৰবৰ্তন কৰক, চৰকাৰী কৰ্মচাৰীক ন্যায় প্ৰদান কৰক, আমাক পুৰণি পেঞ্চন নীতি লাগিবই, নতুন পেঞ্চন নীতি আমি মানি নলও ইত্যাদি শ্লোগানেৰে কৰ্মচাৰীসকলে উপায়ুক্তৰ কাৰ্যলয় চৌহদ উত্তাল কৰি তোলা পৰিলক্ষিত হয়।

অসম চৰকাৰী শিক্ষক-কৰ্মচাৰী সমাজৰ অৱসৰী জীৱনৰ সুৰক্ষা বিচাৰি সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ উদ্যোগত সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থা আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলা সমিতিৰ সহযোগত আজি ৰাজ্যজুৰি জিলা প্ৰশাসনিক কৰ্মচাৰীসকলে কৰ্ম বিৰতি কাৰ্যসূচী ৰূপায়ন কৰা হয়।