অসম

ঢকুৱাখনাত পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ …

asomiyapratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা: ৰাজ্যখনত ইন্ধনজাত সামগ্ৰীৰ লগতে অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলঙ্ঘী মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ নাগৰিকৰ ওপৰত মাধমাৰ সোধাইছে। লকডাউন কেন্দ্ৰিক অচলাৱস্থাৰ মাজতে ভূতৰ ওপৰত দানহ পৰাদি সৃষ্টি কৰা মূল্যবৃদ্ধিৰ বোজাৰ বিৰুদ্ধে শুকুৰবাৰে সবল গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত হয় ঢকুৱাখনা মহকুমাত। শুকুৰবাৰে ঢকুৱাখনা ব্লক কংগ্ৰেছ সমিতি, ঘিলামৰা ব্লক কংগ্ৰেছ সমিতিৰ উদ্যোগত মহকুমাটোৰ সকলো পেট্ৰ'ল পাম্পৰ সন্মুখত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী পালন কৰা হয়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী হায় হায়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুর্দাবাদ, অত্যাৱশ্যকীয় সামগ্ৰী, ইন্ধনজাত সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধি ৰোধ কৰক আদি শ্লোগান দি বিজেপি দল আৰু চৰকাৰ কেৱল ধনী শ্ৰেণীৰ হে চৰকাৰ বুলি কৈ এই পুঁজিপতিৰ ৰক্ষক দল, চৰকাৰৰ হাতত দৰিদ্ৰ , খাটি খোৱা ৰাইজৰ ভৱিষ্যৎ সুৰক্ষিত নহয় বুলি মন্তব্য কৰে কংগ্ৰেছী নেতা পদ্মলোচন দলেয়ে। ঢকুৱাখনা আৰু ঘিলামৰা ব্লক কংগ্ৰেছৰ সভাপতি তৰুণ চেতিয়া, সুভাষ দিহিঙীয়া, মুকুল গগৈ, শৰৎ পাতিৰ, ইনামণি বৰুৱা আদি গৰিষ্ঠ সংখ্যক দলীয় কৰ্মকৰ্তাই প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি এনে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবী জনায়।