দেশত ব্লেক ফাংগাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি ৩১ সহস্ৰাধিকলৈ, শীৰ্ষ স্থানত মহাৰাষ্ট্ৰ…

দেশত ব্লেক ফাংগাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি ৩১ সহস্ৰাধিকলৈ, শীৰ্ষ স্থানত মহাৰাষ্ট্ৰ…

ডিজিটেল ডেস্কঃ দেশত ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিছে নতুনকৈ কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। তাৰ মাজতে আকৌ বৃদ্ধি পাই গৈ আছে ব্লেক ফাংগাছ বা মিউক'ৰমাইকোছিছৰ সংক্ৰমণ। দেশজুৰি বৰ্তমানলৈ ব্লেক ফাংগাছত আক্ৰান্ত হৈছে ৩১,২১৬জন ৰোগী। ইফালে, এই ফাংগাছত আক্ৰান্ত হৈ এতিয়ালৈকে ২১০৯জন লোকে হেৰুৱাইছে প্ৰাণ। উল্লেখ্য যে, মিউক'ৰমাইকোছিছৰ সংক্ৰমণৰ দিশতো শীৰ্ষত আছে মহাৰাষ্ট্ৰ। ৰাজ্যখনত ৭০৫৭জন মিউক'ৰমাইকোছিছত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ৬০৯জন লোকৰ।

মহাৰাষ্ট্ৰৰ পাছতেই এই ভাইৰাছত আক্ৰান্ত অধিক লোকৰ তালিকাত দ্বিতীয় স্থানত আছে গুজৰাট। ৰাজ্যখনত মিউক'ৰমাইকোছিছত আক্ৰান্ত হৈছে ৫৪১৮জন লোক। তাৰপাছত তৃতীয় স্থানত ২৯৭৬জন ৰোগীৰ সৈতে আছে ৰাজস্থান, চতুৰ্থ স্থানত কৰ্ণাটক। কৰ্ণাটকত ব্লেক ফাংগাছত আক্ৰান্ত লোকৰ সংখ্যা ২৫৬৭জনলৈ বৃদ্ধি পাইছে।

ঠিক একেদৰে এই তালিকাখনৰ পঞ্চম স্থানত ২১৩৯জন আক্ৰান্তৰ সৈতে অন্ধ্ৰপ্ৰদেশ, ১৮৫১জন ব্লেক ফাংগাছত আক্ৰান্ত ৰোগীৰ সৈতে ষষ্ঠ স্থানত মধ্যপ্ৰদেশ, ১৭৪৪জন লোক আক্ৰান্তৰ পাছত সপ্তম স্থানত উত্তৰপ্ৰদেশ, ১২৯৩জন লোক আক্ৰান্তৰ পাছত তামিলনাডু অষ্টম স্থানত, হাৰিয়ানা নৱম স্থানত আৰু তেলেংগানা আছে দশম স্থানত।

ইফালে, দেশৰ ৰাজ্যসমূহত ব্লেক ফাংগাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ তালিকাখন ক্ৰমে এনেধৰণৰ- মহাৰাষ্ট্ৰত ৬০৯ জন, গুজৰাটত ৩২৩ জন, কৰ্ণাটকত ১৮৮ জন, উত্তৰপ্ৰদেশত ১৪২ জন, দিল্লীত ১২৫ জন, হাৰিয়ানাত ১১৯ জন, ৰাজস্থানত ১১২ জন, মধ্যপ্ৰদেশত ৭৬ জন, তামিলনাডুত ৭০ জন, বিহাৰত ৬৭ জন, উত্তৰাখণ্ডত ৫৬ জন, পঞ্জাৱত ৪৯ জন, অন্ধ্ৰপ্ৰদেশত ৪৫ জন, ছত্তীশগড়ত ৩০ জন আৰু পশ্চিমবংগত ২৩ জন লোকৰ ব্লেক ফাংগাছত আক্ৰান্ত হৈ মৃত্যু হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in