অসম

বিশিষ্ট ক্ৰীড়াবিদ তথা জাতীয়তাবাদী নেতা ফুনু চেতিয়াৰ মৃত্যু

Asomiya Pratidin

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটাৰ বিশিষ্ট সমাজকৰ্মী, অসম জাতীয় বিদ্যালয় মাৰ্ঘেৰিটাৰ পৰিচালন সঞ্চালক তথা সফল ব্যৱসায়ী ফুনু চেতিয়া (৬৫)ৰ হৃদৰোগ আৰু যকৃত জনিত কাৰণত গুৱাহাটীৰ এখন চিকিৎসালয়ত বৃহস্পতিবাৰে বিয়লি মৃত্যু হোৱাত শুকুৰবাৰে পুৱা মাৰ্ঘেৰিটাত নশ্বৰদেহ আহি পোৱাত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ‌ পৰিছে।

অঞ্চলটোৰ এজন দক্ষ ক্ৰীড়াবিদ হোৱাৰ উপৰি প্ৰয়াত চেতিয়া অসম আন্দোলনৰ দিনৰে পৰা এজন তীব্ৰ জাতীয়তাবাদী নেতাৰূপে অঞ্চলটোত সুপৰিচিত আছিল। ভলীবল, বেডমিন্টনৰ উপৰি চেতিয়া এজন প্ৰাক্তন ৰাজ্যিক ক্ৰিকেটাৰ ৰূপে পৰিচিত আছিল। যথেষ্ট অধ্যয়নপুষ্ট হোৱাৰ উপৰি অসম বুৰঞ্জীৰ ওপৰত তেওঁৰ অধিক দখল আছিল।

বিগত অসম আন্দোলনৰ কালত জাতিৰ বিপৰ্যয়ৰ সময়ত তেওঁ সন্মূখৰ পৰা নেতৃত্ব দি মাৰ্ঘেৰিটাত জাতীয়তাবাদক আগুৱাই নিছিল। মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত থাৰ্মেল নিবাসী প্ৰয়াত চেতিয়াই মৃত্যুৰ সময়ত মাৰ্ঘেৰিটাৰ এক নং লাজুম প্ৰাথমিক বিদ্যালয়ৰ ৰাষ্ট্ৰপতি বঁ‌টা প্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী পত্নী অৰ্চনা চেতিয়া সহ দুগৰাকী জী আৰু এজন পুত্ৰ ইহসংসাৰত এৰি থৈ যায়।

চেতিয়াৰ মৃত্যুত মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই গভীৰ শোক প্ৰকাশ কৰাৰ উপৰি মাৰ্ঘেৰিটা সাংবাদিক সংস্থা, টাই আহোম যুৱ পৰিষদ কেন্দ্ৰীয় সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতি, যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতি, যুৱ পৰিষদ তিনিচুকীয়া জিলা সমিতি, আছু মাৰ্ঘেৰিটা আঞ্চলিক সমিতি, মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সংস্থা, অসম সাহিত্য সভা মাৰ্ঘেৰিটা শাখা, ৰেড ক্ৰছৰ তিনিচুকীয়া জিলা সমিতি, মাৰ্ঘেৰিটা মেৰিন ক্লাৱ, মাৰ্ঘেৰিটা জিলা ক্ৰীড়া সন্থাৰ উপৰি বিভিন্ন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰে।

আজি পুৱা চেতিয়াৰ নশ্বৰ দেহ বাসগৃহত উপস্থিত হোৱাৰ পাছতে এখন পুষ্প সজ্জিত বাহনেৰে সমগ্ৰ মাৰ্ঘেৰিটা ভ্ৰমণ কৰি প্ৰথমে মাৰ্ঘেৰিটা মাকুম পথাৰস্থিত অসম জাতীয় বিদ্যালয়ত, বৰগোলাই চেংৰণ, মাৰ্ঘেৰিটা ই'ক পাৰ্কস্থিত চাওলুং চ্যুকাফাৰ প্ৰতিমূৰ্তিৰ পাছতেই মাৰ্ঘেৰিটা পাব্লিক হাইচেকেণ্ডৰ স্কুলৰ খেলপথাৰ লৈ যোৱা হয়। প্ৰতিটোস্থানতে বিভিন্ন দল সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠানে শেষ শ্ৰদ্ধাঞ্জলি জনাই। অৱশেষত থাৰ্মেল লাজুমত চেতিয়াৰ নশ্বৰদেহ মাংগলিক নিয়মেৰে শেষবিদায় জনোৱা হয়।