অসম

বিশ্বনাথৰ ঠাকুৰবাৰী মন্দিৰৰ বিশাল শোভাযাত্ৰা

Asomiya Pratidin

ডিজিটেল সংবাদ, হাজোঃ বিশ্বনাথৰ প্ৰায় ২০০ বছৰীয়া পুৰণি 'চাৰিআলি ঠাকুৰবাৰী মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱৰ লগত সংগতি ৰাখি বুধবাৰে প্ৰাণ প্ৰতিষ্ঠিত বিগ্ৰহসমুহক লৈ এক বিশাল শোভাযাত্ৰা উলিওৱা হয় । এই মন্দিৰত ৰাম-পৰিবাৰ, হনুমান, ৰাধা-কৃষ্ণ, দুর্গা আৰু শিৱৰ বিগ্রহত প্ৰাণ প্ৰতিষ্ঠা কৰাৰ প্ৰাক মুহূৰ্তত আজি নগৰখনৰ মাজমজিয়াৰে বাহিৰ কৰা শোভাযাত্ৰাত প্ৰায় ৫ সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰি জয় শ্ৰী ৰামৰ ধ্বনিৰে আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰি তোলে।

এই শোভাযাত্ৰাটিত বিভিন্ন জাতি জনগোষ্ঠীৰ ধৰ্মপ্ৰাণ আইমাতৃ, মহিলা, পুৰুষ, যুৱক-যুৱতী, শিশুৱে অংশ গ্ৰহণ কৰে । প্ৰাণ প্ৰতিষ্ঠাৰ কার্যসূচী অনুসৰি প্ৰতিদিনে ভজন-কীর্তন, শংখধ্বনি, ঘণ্টাবাদন, মহাআৰতিৰ লগতে হনুমান চালিচা, সুন্দৰকাণ্ড আদিৰ সমূহীয়া পঠন আৰু যজ্ঞৰ পূৰ্ণাহুতি আদি ধৰ্মীয় কাম সমুহো চলি আছে। বৃহস্পতিবাৰে আটক ধুনীয়াকৈ সজাই তোলা ২০০ বছৰীয়া মন্দিৰটোৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব।