অসম

জাতিৰ স্বাৰ্থত পৰেশ বৰুৱাক আলোচনালৈ আহিবলৈ আহ্বান অনুপ চেতিয়াৰ...

Asomiya Pratidin

ডেজিটেল ডেস্কঃ শীঘ্ৰেই আলোচনা পন্থী আলফা গোটেৰে শান্তি চুক্তিৰ সম্ভাৱনা চৰকাৰৰ । বৃহস্পতিবাৰে আলোচনা পন্থী আলফা নেতা অনুপ চেতিয়াই এই গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিছে । লগতে নেতাগৰাকীয়ে কয় যে যদিহে ডিএনএলএ বিচৰা ধৰণে ভাৰত চৰকাৰে সকলো দাবী মানি ল’বলৈ প্ৰস্তুত হয় তেনেহ’লে মে’ মাহৰ ভিতৰত শান্তি চুক্তিৰ সম্ভাৱনা আছে ।

লগতে আলোচনা পন্থী নেতাগৰাকীয়ে শান্তি চুক্তিৰ সন্দৰ্ভত কয় যে সকলো নিৰ্ভৰ কৰিব কেন্দ্রীয় চৰকাৰৰ ওপৰত । বিহুৰ পূৰ্বেই লাভ কৰিছিল খচৰা । এই আলোচনাৰ মধ্যস্থতাকাৰী এ কে মিশ্রই আলোচনাপন্থী গোটক প্ৰদান কৰিছিল খচৰাখন । ইয়াৰ পিছতেই বিহুক লৈ সকলো ব্যস্ত হৈ পৰিছিল বুলিও মন্তব্য প্ৰদান কৰিছে নেতাগৰাকীয়ে ।

লগতে তেওঁ কয় যে এই সন্দৰ্ভত কাৰ্যকৰী কমিটী-কৰ্মনিৰ্ধাৰণ কমিটীৰে আলোচনা কৰিম । আমি প্রস্তুত কৰা দাবী চনদৰ আধাৰত আগবাঢ়িম । হীৰেন গোহাঁইৰ নেতৃত্বত অধিৱেশনত প্রস্তুত হৈছিল দাবী চনদ । তদুপৰি তেওঁ কয় যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা এগৰাকী খিলঞ্জীয়া লোক । সেয়ে খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত হোৱাটো বিচাৰো ।

আলোচনা পন্থী নেতাগৰাকীয়ে কয় যে তেওঁলোকে ৰাজনৈতিক অধিকাৰ, ভূমিৰ অধিকাৰ আদি সুৰক্ষিত হোৱাটো বিচাৰে । লগতে জনাইছে যে খিলঞ্জীয়াৰ ৮০% আসন সংৰক্ষিত হওক । উচ্চ সদন আৰু নিম্ন সদনতো সংৰক্ষণ বিচাৰে সংগঠনটোৰ আলোচনা পন্থী গোটে ।

তদুপৰি আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাকো জাতিৰ স্বাৰ্থত এই আলোচনালৈ মজিয়ালৈ আহিবলৈ আহ্বান অনুপ চেতিয়াৰ । আলোচনা আগবঢ়াই নিয়াৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমৃত শ্বাহৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব সৰ্মাক ধন্যবাদ জনাই নেতাগৰাকীয়ে ।

লগতে যুৱক-যুৱতীৰ আলফা গমন প্রসংগতো অনুপ চেতিয়াই প্রতিক্রিয়া প্ৰাকশ কৰিছে । এই সন্দৰ্ভত তেওঁ কয় যে সংগঠন এটা থাকিলে তাত সদস্য ভৰ্তি অভিযান চলি থাকিব । কিন্তু আলফালৈ গৈ বহু যুৱক-যুৱতীৰ মোহ ভংগ হৈছে । সেয়ে তাৰ পৰা সুযোগ পালেই পলাই আহিছে বহুতো ।

বিহুৰ সময়তো তিনিজনমান পলাই অহাকলৈও মন্তব্য প্ৰদান কৰে নেতাগৰাকীয়ে । তাৰে এগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছে । বৰ্তমানে আলফাৰ প্ৰসংগকলৈ মন্তব্য প্ৰদান কৰি কয় এটা কথা ঠিক এতিয়া আৰু অতীতৰ যি সশস্ত্র সংগ্রামৰ পৰিৱেশ সেই পৰিৱেশ বৰ্তমান অসমত নাই ।