ওদালগুৰি জিলা কাৰাগাৰ
ওদালগুৰি জিলা কাৰাগাৰ 
অসম

ওদালগুৰি জিলা কাৰাগাৰৰ পৰা কয়দীৰ পলায়ন...

Asomiya Pratidin

ডিজিটেল সংবাদ, ওদালগুৰিঃ ওদালগুৰি জিলা কাৰাগাৰৰ পৰা আৰক্ষীৰ নাকৰ তলেৰে কয়দীৰ পলায়ন । পহিলা ব’হাগ উপলক্ষে ওদালগুৰি জিলা কাৰাগাৰৰ ওখ চাৰিবেৰৰ ভিতৰত থকা বাহিৰৰ চোতালৰ মন্দিৰত এখন শৰাই দিছিল জিলা কাৰাগাৰ কতৃপক্ষই ।

উক্ত অনুষ্ঠানত কাৰাগাৰ কতৃপক্ষৰ লগতে কয়দীসকলেও অংশগ্ৰহণ কৰে । সকলোৰে লগতে ২০১১ চনত হত্যাকাণ্ডৰ গোচৰত ওদালগুৰি চেচন আদালতে দোষী সাব্যস্ত হোৱা শ্যামল পালেও (৪৫) অংশগ্ৰহণ কৰিছিল ৷

কাৰাগাৰৰ ভিতৰৰ পৰা বাহিৰলৈ আহিবলৈ পোৱাৰ সুযোগ গ্ৰহণ কৰি শনিবাৰে আবেলি ৪ বজাৰ পৰা ৪.৩০ বজাত পলায়ন কৰে । উক্ত ঘটনাৰ অৱগত হোৱাৰ পিচত কাৰাগাৰ কতৃপক্ষই গোটেই ৰাতি কয়দী জনৰ সন্ধানত বিচাৰ-খোচাৰ কৰে ৷

বৰ্তমানেও আৰক্ষীয়ে কয়দীগৰাকীক কৰায়ত্ত সক্ষম হোৱা নাই । কাৰাগাৰ কৰ্তৃপক্ষৰ চকুত ধূলি দি কয়দীৰ পলায়নে আৰক্ষী প্ৰশাসনৰ দায়িত্ব জ্ঞানহীনতাকে প্ৰকট কৰিছে ।