অসম

উচ্চতৰ মাধ্যমিক পৰীক্ষাত ভতিজাকক নকল যোগান কাছাৰ কলেজৰ অধ্যক্ষৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, শিলচৰঃ পৰীক্ষাৰ্থীক নকল যোগান ধৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে কাছাৰ কলেজৰ অধ্যক্ষ ডা: সিদ্ধাৰ্থ শঙ্কৰ নাথৰ বিৰুদ্ধে। সোমবাৰে অনুষ্ঠিত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ পদাৰ্থ বিজ্ঞানৰ পৰীক্ষাত নিজৰ ভতিজা আৰু আন এগৰাকী পৰীক্ষাৰ্থীক চিকৰূমত বহাৰ ব্যৱস্থা কৰি দি অধ্যক্ষ গৰাকীয়ে নকল যোগান ধৰিছিল। এই খবৰ পোৱাৰ পিছতে কাছাৰ কলেজৰ পৰীক্ষা কেন্দ্ৰটোত শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত আয়ুক্ত অন্তৰা সেন, বিদ্যালয় সমূহৰ দায়িত্বত থকা সহকাৰী আয়ুক্ত বন্নিক্ষা চেতিয়া আৰু আৰক্ষী উপস্হিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰে।

তদন্তৰ সময়ত অধ্যক্ষ ডা: সিদ্ধাৰ্থ শঙ্কৰ নাথে পৰীক্ষাৰ্থী দুজনক নকল যোগান ধৰা বুলি লিখিত ভাৱে স্বীকাৰ কৰে। পৰীক্ষাৰ্থী দুগৰাকীৰ বাহিৰে পৰীক্ষাৰ দায়িত্বত থকা আন বিষয়া সকলৰো লিখিত ষ্টেটমেন্ট গ্ৰহণ কৰে দণ্ডাধীশে। ইয়াৰ পিছতে বাজেয়াপ্ত কৰে নকল আৰু অন্যান্য সামগ্ৰী। ইতিমধ্যে সমগ্ৰ ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত আৰম্ভ কৰা হৈছে বুলি জানিবলৈ দিছে অতিৰিক্ত জিলা আয়ুক্ত অন্তৰা সেনে। এই ঘটনাই জোকাৰি গৈছে কলেজৰ ভিতৰচৰা আৰু শিক্ষা মহলত।