অসম

হেমকোষৰ ব্ৰেইল সংস্কৰণৰ বিশ্ব ৰেকৰ্ড অসমৰ সংবাদ ক্ষেত্ৰৰ সামাজিক দায়বদ্ধতাৰ নিদৰ্শনঃ শচীন গগৈ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সাদিন-প্ৰতিদিন গোষ্ঠীৰ দ্বাৰা প্ৰকাশিত ব্ৰেইল সংস্কৰণলৈ গীনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ স্বীকৃতি অসমৰ সাহিত্য আৰু সংবাদ জগতৰ বাবে অতিকে আশাব্যঞ্জক সুখবৰ।সামাজিক দায়বদ্ধতাৰ ক্ষেত্ৰত সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ তথা সম্পাদক জয়ন্ত বৰুৱাই হেমচন্দ্ৰ বৰুৱা প্ৰণিত প্ৰথম অসমীয়া-ইংৰাজী অভিযান হেমকোষৰ ব্ৰেইল সংস্কৰণ প্ৰকাশ কৰি দৃষ্টিহীন সকলৰ শিক্ষাক অধিক গতিশীল কৰাত এক দৃষ্টান্তমূলক কাৰ্য সম্পাদন কৰি দেখুৱাইছে। এই মন্তব্য বিবিচিৰ দিল্লীস্থিত জ্যেষ্ঠ সাংবাদিক শচীন গগৈৰ।

বুধবাৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ মাছকম বিভাগে প্ৰেছ ফ্ৰিডম দে উপলক্ষে আয়োজন কৰা বিশেষ অনুষ্ঠানত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আৰু দায়িত্বৰ প্ৰসংগত মুখ্য বক্তাৰূপে ভাষণ দি এই মন্তব্য আগবঢ়ায়।

তেওঁ লগতে কয় বিগত কেইটামান মাহত অসমৰ সংবাদ ক্ষেত্ৰলৈ বহু কেইটা সু সংবাদ অহাৰ বিপৰীতে একাংশ সাংবাদিকৰ নীতি নিষ্ঠতা সন্দৰ্ভত হোৱা ব্যাপক চৰ্চাই আশংকাও কঢ়িয়াই অনাও নহয়। জ্যেষ্ঠ সাংবাদিক গৰাকীয়ে এই প্ৰসংগত জ্যেষ্ঠ সাংবাদিক, উপন্যাসিক,গল্পকাৰ মনোজ কুমাৰ গোস্বামীয়ে অলপতে লাভ কৰা সাহিত্য একাডেমী বঁটাৰ খবৰো অসমৰ সংবাদ ক্ষেত্ৰ খনৰ বাবে সু খবৰ বুলি তেওঁ কয়।

অসমীয়া ভাষাৰ শুদ্ধ উপস্থাপনৰ বাবে সাদিন-প্ৰতিদিনগোষ্ঠীৰ নিৰলস প্ৰচেষ্টা আৰু সামাজিত দায়বদ্ধতাৰ বহিঃপ্ৰকাশ যিদৰে ব্ৰেইল হেমকোষৰ জৰিয়তে ঘটিছে তেনেদৰে এগৰাকী সাংবাদিকে সংবাদ সেৱাৰ সমান্তৰালভাৱে সাহিত্য সাধনাত সফলভাৱে নিজক প্ৰতিষ্ঠা কৰাৰ দৃষ্টান্তও মনোজ গোস্বামীৰ একাডেমীক বঁটাৰ জৰিয়তে আমি উপলব্ধি কৰিছো।

শ্ৰীমতি ছঞ্চৰিতা ৰয়ে আগধৰা আলোচনা চক্ৰখনত শচীন গগৈয়ে মত প্ৰকাশৰ স্বাধীনতাৰ স্বাৰ্থত সংবাদ মাধ্যমৰ বহুখিনি কৰনীয় আছে বুলি অভিমত ব্যক্ত কৰে। তেওঁ কয়, সামাজিক মাধ্যমৰ জৰিয়তে অতি ক্ষুদ্ৰ এটি সংবাদ প্ৰতিষ্ঠানো সমগ্ৰ বিশ্বতে একোটা খবৰ বিয়পাই দিব পাৰে।

কিন্তু সেই ক্ষমতা দায়িত্বশীলভাৱে বহন নকৰিলে ই সাংবাদিকতাৰ মূল ভেঁটিকে ক্ষতিগ্ৰস্থ কৰিব। জ্যেষ্ঠ সাংবাদিক গৰাকীয়ে নিজৰ বক্তৃতাত কয় উত্তৰ কোৰিয়া, চীন,ম্যানমাৰ আদিৰ দৰে দেশত সংবাদ মাধ্যম সমূহক কঠোৰভাৱে নিয়ন্ত্ৰণ কৰে। আনহাতে ইউৰোপৰ দৰে প্ৰায়বোৰ দেশতে সংবাদ মাধ্যম এক প্ৰকাৰ স্বতন্ত্ৰ।

এই দুই শ্ৰেণীৰ দেশৰ মাজত গণতন্ত্ৰ কত কেনেকৈ শক্তিশালী সেয়া সুকীয়াকৈ দোহৰা প্ৰয়োজন নাই। একেদৰে আমি সকলোৱে দেখিছো যে একাংশ পৰ্টেল বা সংবাদ প্ৰতিষ্ঠানে সাংবাদিকতাৰ নীতি নিষ্ঠতা সম্পূৰ্ণৰূপে বিসৰ্জন দিছে। তেনে প্ৰতিষ্ঠানক নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজনো আছে। কিন্তু এই পদক্ষেপে যাতে নিৰপেক্ষ, বিশুদ্ধ সাংবাদিকতাক বিপন্ন নকৰে তাৰ বাবে আমি সকলো সচেতন হ'ব লাগিব।

উল্লেখ্য় যে, পুৱা ১০.৩০ বজাৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠানত আদৰণি ভাষণ দিয়ে মাছকম বিভাগৰ মুৰব্বী অধ্যাপক প্ৰফেচাৰ অভিজিত বৰাই। অনুষ্ঠানত শিক্ষাৰ্থী সকলে সাংস্কৃতিক অনুষ্ঠানো পৰিৱেশন কৰে।