অসম

ঢকুৱাখনাত অন্ত:সত্বা বোৱাৰীৰ মৃত্যু...

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা: স্বামীৰ সতে স্বাভাৱিক ভাবে জীৱন নিৰ্বাহ কৰা এগৰাকী মহিলাই শুক্ৰবাৰৰ নিশা ঢকুৱাখনাৰ স্বামী গৃহত সংঘটিত কৰা আত্মহননৰ বাতৰিয়ে তীব্ৰ প্ৰতিক্ৰিয়াৰ সূত্ৰপাত ঘটাইছে ।  ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত মাঝি গাঁওত সংঘটিত এই আত্মহননৰ ঘটনা হত্যাকাণ্ড হোৱাৰ অভিযোগ উত্থাপন হোৱাত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ।

ঘটনাৰ বিবৰণি অনুসৰি মাঝি গাঁওৰ উৎপল দাসে (২৭) ২নং বানতৌ গাঁওৰ নিবাসী ভৰত দাস আৰু ৰূপা দাসৰ কন্যা ৰিংকু দাস (১৯) ক বিবাহ কৰাই সংসাৰ পাতিছিল । স্বাভাৱিক ভাবেই দিন অতিবাহিত কৰাৰ পৰৱৰ্তী সময়ত ৫ মহীয়া অন্ত:সত্বা হৈছিল ৰিংকু । যোৱা নিশা ৯-৩০ বজাত ভাত পানী খাই টিভি চাই শুই থকা ৰিংকুৰ নিঠৰ শৰীৰ মাজ নিশা উদ্ধাৰ হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। স্বামী গৃহৰ এটা কোঠাত নিজৰ চাদৰেৰে ডিঙিত চিপ লৈ মৃত্যু ঘটা বুলি প্ৰাথমিক ভাবে জানিব পৰা গৈছে যদিও এইয়া  স্বামীৰ দ্বাৰা সংঘটিত এক হত্যাকাণ্ড বুলি অভিযোগ উত্থাপিত হৈছে ৰিংকুৰ পৰিয়ালৰ তৰফৰ পৰা ।

ঘটনা সন্দৰ্ভত ৰিংকুৰ পৰিয়ালে ঢকুৱাখনা সদৰ আৰক্ষীক অৱগত কৰাত শনিবাৰে পুৱাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিতিত চুৰতশাল প্ৰস্তুত কৰি মৃতদেহ জব্দ কৰি থানালৈ আনে মৰণোত্তৰ পৰীক্ষাৰ বাবে। আৰক্ষীয়ে মহিলা গৰাকীৰ স্বামী উৎপল দাসক আটক কৰিছে ।

ইপিনে আৰক্ষীয়ে দুৰ্ভগীয়া ৰিংকু দাসৰ মৃতদেহ থানালৈ অনাৰ পাছত আৰক্ষী থানা  আৰু অভিযুক্ত উৎপল দাসৰ বাসগৃহত ৰিংকুৰ পৰিয়ালবৰ্গই এক শোকাকূল পৰিৱেশৰ সৃষ্টি কৰে । হত্যাকাৰী স্বামীক ৰাইজৰ মাজলৈ উলিয়াই দিয়াৰ দাবীৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰা ৰিংকুৰ আত্মীয়ই অন্ত:সত্বা মহিলা সহ গৰ্ভৰ সন্তানক হত্যাকাৰী স্বামীক ফাঁচী দিয়াৰ দাবী জনাই উত্তাল পৰিৱেশৰ সৃষ্টি কৰে ।

উল্লেখ্য যে ৰিংকুৱে চিপ লৈ আত্মহনন কৰা বুলি কোৱা হৈছে যদিও আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ৰিংকুৰ মৃতদেহ বিচনাত পৰি থকাহে প্ৰত্যক্ষ কৰে । ৰিংকুৰ আত্মীয়ৰ দাবী সম্পূৰ্ণ পৰিকল্পিত ভাবে  নৰহত্যাকাৰী স্বামী আৰু আত্মীয়ই  হত্যা কৰিছে নিৰ্বোধ গৰ্ভাৱতী ৰিংকুক । এই সন্দৰ্ভত ঢকুৱাখনা সদৰ থানাত এক গোচৰ ৰুজু কৰা হৈছে ।