অসম

প্রাগজ্যোতিষ মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ পৰা ধন লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ দীপাংকৰ দাস

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মহানগৰীৰ প্রাগজ্যোতিষ মহাবিদ্যালয়ত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। পৰীক্ষাৰ প্র-পত্র পূৰণৰ নামত ধন লোৱা দালাল চক্র উৎখাত। অভিযোগ অনুসৰি দালাল চক্ৰই প্রতিগৰাকী শিক্ষাৰ্থীৰ পৰা সংগ্রহ কৰিছিল ১০০০-৩০০০ পৰ্যন্ত টকা।

বুধবাৰৰ পৰা আৰম্ভ উচ্চতৰ মাধ্যমিক প্রথম বৰ্ষৰ পৰীক্ষা। পৰীক্ষাৰ বাবে বহু শিক্ষাৰ্থীয়ে নাপালে এডমিট কাৰ্ড। যাৰ বাবে পৰীক্ষাৰ পৰা বঞ্চিত হ’ব লগা হ’ল অৰ্ধশতাধিক পৰীক্ষাৰ্থী।

আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে চক্রটোৰ মাষ্টাৰমাইণ্ড দীপাংকৰ দাসক। মহাবিদ্যালয়ৰ অধ্যক্ষৰ এজাহাৰৰ ভিত্তিতেই দীপাংকৰক গ্রেপ্তাৰ আৰক্ষীৰ। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আৰক্ষীৰ।