অসম

পঞ্চায়তে পঞ্চায়তে কেলেংকাৰী: প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত বাক্সাৰ দিহিৰাত অনিয়ম...

Asomiya Pratidin

ডিজিটেল সংবাদ, মুছলপুৰ : দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল হ'ব বুলি অসম তথা বিটিআৰ চৰকাৰে বাৰে বাৰে ঘোষণা কৰাৰ পাছতো গা-লৰা নাই একাংশ ভি.চি.ডি.চিৰ অধ্যক্ষ, অধ্যক্ষা তথা সদস্যৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিয়াৰ নামত হিতাধিকাৰীৰ পৰা ধন লোৱাৰ অভিযোগ উত্থাপন হৈছে বিটিআৰৰ বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত ২৩ নং দিহিৰা পৰিষদীয় সমষ্টিৰ ডাঙৰিগাওঁ ভি.চি.ডি.চিৰ অধীনৰ নাওঁপুটা ধনবিল গাঁৱত।

গাঁৱখনৰ কেইবাটাও দুখীয়া পৰিয়ালক চৰকাৰী ঘৰ দিয়াৰ নামত ইতিমধ্যে টকা সংগ্ৰহ কৰা বুলি বাতৰি সম্প্ৰচাৰ হৈছিল ভি.চি.ডি.চি.ৰ অধ্যক্ষা টুটুমনি কলিতাৰ লগতে তেওঁৰ স্বামী শিক্ষক দুলু কলিতা আৰু জি.আৰ.এচ ৰঞ্জু দাসৰ বিৰুদ্ধে। ভুক্তভোগীসকলে জনোৱা অনুসৰি শিক্ষক দুলু কলিতা আৰু জি.আৰ.এচ ৰঞ্জু দাসে ইতিমধ্যে গাঁৱখনৰ বহু দৰিদ্ৰ হিতাধিকাৰীৰ পৰা ২/৩ হেজাৰ পৰ্যন্ত টকা সংগ্ৰহ কৰা বুলি বিগত সপ্তাহত বিভিন্ন সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাই আহিছে।

বাতৰি প্ৰকাশ পোৱাৰ পাছতেই নিজৰ দোষ ঢাকিবলৈ অভিযুক্ত চেয়াৰমেনৰ স্বামী শিক্ষক দুলু কলিতাই এক সংবাদমেল সম্বোধন কৰি তেওঁৰ বিৰুদ্ধে অনা সকলো অভিযোগ সম্পূৰ্ণ ভিত্তিহীন বুলি অভিহিত কৰাৰ লগতে এই কামৰ লগত কোনোবা তৃতীয় শক্তি জড়িত আছে বুলি কৈ আইনৰ দ্বাৰস্থ হোৱাৰ কথা প্ৰকাশ কৰে। সেই অনুসৰি যোৱা ২১ মে' তাৰিখে দিনেশ ৰায় আৰু আন এগৰাকী হিতাধিকাৰীক লগত লৈ‌ দুলু কলিতাৰ সহিতে প্ৰায় ৪০ জনীয়া গণ সুৰক্ষা পাৰ্টিৰ এদল সমৰ্থক শিমলা আৰক্ষী থানালৈ যায়। তাৰ পিছতেই দিনেশ ৰায়ৰ সৈতে যোৱা অন্য মহিলাগৰাকীৰ পূৰ্বৰ ভাষ্য সলনি হোৱাৰ কথা প্ৰকাশ কৰিছিল আন দুই হিতাধিকাৰী পানীৰাম তিৰ্কি আৰু কাশীয়া ৰয়ে।

আনহাতে তেওঁলোকে জনোৱা অনুসৰি বিগত ৪/৫ দিন ধৰি তেওঁলোক যথেষ্ট মানসিক অশান্তিত আছে। কিয়নো দুলু কলিতাই তেওঁলোকৰ পৰা টকা আনিবলৈ যোৱা কথাটো ১০০ শতাংশই সচাঁ। সেই কথাৰ বাবেই এতিয়া তেওঁলোকে ঘৰত থাকিব নোৱাৰা পৰিস্থিতিৰ সন্মুখীন হৈছে বুলি স্পষ্টভাবে মত পোষণ কৰে হিতাধিকাৰী পানীৰাম তিৰ্কিয়ে।

অসমৰ মুখ্যমন্ত্ৰী আৰু বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে সকলো কাৰ্যবাহী সদস্য আৰু সাধাৰণ সদস্যক দুৰ্নীতিৰ বিৰুদ্ধে মাৰবান্ধি থিয় হ'বলৈ আহ্বান জনোৱাৰ পাছতো ২৩ নং দিহিৰা পৰিষদীয় সমষ্টিৰ পৰা নিৰ্বাচিত হৈ বিটিআৰৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য হ'বলৈ সক্ষম হোৱা ঘনশ্যাম দাসৰ গণ সুৰক্ষা পাৰ্টিৰ একাংশ ভি.চি.ডি.চি.ৰ সদস্য, অধ্যক্ষ-অধ্যক্ষাৰ লগতে এগৰাকী চৰকাৰী শিক্ষকে কাৰ ছত্ৰছায়াত এনেদৰে দুৰ্নীতিত লিপ্ত হ'বলৈ মৰসাহ কৰিব পাৰিছে তাকে লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে সচেতন মহল ।

উল্লেখযোগ্য যে, ইয়াৰ আগতেও গণ সুৰক্ষা পাৰ্টিৰ একাংশ ভিচিডিৰ কৰ্মীয়ে চৰকাৰী ঘৰ দিয়াৰ নামত ৪/৫ হেজাৰকৈ টকা সংগ্ৰহ কৰাৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতো বিভাগীয় কতৃপক্ষই কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে । কিন্তু এইবাৰ যিহেতু এগৰাকী চৰকাৰী শিক্ষকৰ কথা বাৰে বাৰে উত্থাপন হৈছে সেইক্ষেত্ৰত এইবাৰ বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো তথা অসমৰ মুখ্যমন্ত্ৰীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হ'ব পৰৱৰ্তী সময়ত লক্ষ্যণীয় ।