অসম

বিশ্বনাথ জিলাত জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ "সাংসদ-সংবাদ" শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ...

Asomiya Pratidin

ডিজিটেল সংবাদ, ছয়দুৱাৰ: জনসংখ্যা সমাধান ফাউণ্ডেশ্যনে আজিৰে পৰা "সাংসদ-সংবাদ" নামৰ কাৰ্যসূচী দেশজুৰি পালন কৰিবলৈ কাৰ্যব্যৱস্থা হাতত লৈছে। এই কাৰ্যসূচীৰ অধীনত প্ৰত্যেক জনসংখ্যা সমাধান ফাউণ্ডেছনৰ (জেএছএফ) গোটে সাংসদ আৰু বিধায়ক সকলক লগ কৰি দেশত এখন কঠোৰ জনসংখ্যা নিয়ন্ত্রণ আইনৰ প্ৰয়োজনীয়তাৰ বিষয়ে তথ্যসহ গোহাৰী পত্ৰ জ্ঞাপন কৰি জাগৰণ বৃদ্ধি কৰিব বিচাৰিছে।

দেশৰ প্ৰতিগৰাকী দায়িত্বশীল সাংসদে যাতে সংসদৰ ভিতৰে-বাহিৰে জনসংখ্যা নিয়ন্ত্রণ আইনখনৰ সপক্ষে বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিব পাৰে, তাৰ বাবে জেএছএফে এই "সাংসদ-সংবাদ" শীৰ্ষক কাৰ্যসূচী ৰূপায়নৰ ব্যৱস্থা কৰিছে। তদুপৰি দেশত এখন কঠোৰ জনসংখ্যা নিয়ন্ত্রণ আইনৰ দাবীৰে জেএছএফে সাংসদ সকলৰ জৰিয়তে এখন দাবী পত্ৰ প্রধানমন্ত্রীলৈ প্ৰেৰণ কৰে।

জনসংখ্যা সমাধান ফাউণ্ডেছনে ৰূপায়ণ কৰা এই "সাংসদ-সংবাদ" কাৰ্যসূচী আজি বিশ্বনাথ জিলাত কাৰ্য্যকৰী কৰা হয়। এক প্ৰেছ বিবৃতিৰ জৰিয়তে জনসংখ্যা সমাধান ফাউণ্ডেছনৰ গহপুৰ বিধান সভা সমষ্টিৰ অধ্যক্ষা জুলি হাজৰিকাই কয় যে, "আজি বিশ্বনাথ জিলাত জনসংখ্যা সমাধান ফাউণ্ডেছনৰ "সাংসদ-সংবাদ" শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে জনসংখ্যা নিয়ন্ত্ৰণৰ উক্ত দাবী আৰু গোহাৰী পত্ৰ তেজপুৰ লোক সভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাসৰ হাতত অৰ্পন কৰা হয়।" তদুপৰি বিশ্বনাথ, বিহালী আৰু গহপুৰ বিধান সভা সমষ্টিৰ তিনিগৰাকী বিধায়ক যথাক্ৰমে প্ৰমোদ বৰঠাকুৰ, ৰঞ্জিত দত্ত আৰু উৎপল বৰাৰ হাতত বিশ্বনাথ জিলা জেএছএফৰ জিলাধ্যক্ষ অমৰজ্যেতি বৰঠাকুৰ, মহিলা শক্তিৰ জিলাধ্যক্ষা কৰৱী দত্ত, গহপুৰ বিধান সভা সমষ্টিৰ অধ্যক্ষা জুলি হাজৰিকা আৰু বিহালী বিধান সভা সমষ্টিৰ অধ্যক্ষা সুৰঞ্জনা দাস বৰাৰ নেতৃত্বত উক্ত দাবী আৰু গোহাৰী পত্ৰ প্ৰদান কৰা হয়।