অসম

আৰক্ষীৰ জালত ৩ লক্ষাধিক জালনোটসহ সৰবৰাহকাৰী

Asomiya Pratidin

ডিজিটেল ডেস্ক : যোৰাবাটৰ চৈধ্যমাইলত জালনোটসহ ৩জন সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰিছে। সৰবৰাহকাৰী কেইটাৰ পৰা ৩ লাখ ৩৩ হাজাৰ টকাৰ জালনোট আৰক্ষীয়ে জব্দ কৰে।

ধৃত সৰবৰাহকাৰী কেইজনৰ নাম হৈছে- বিহপুৰীয়াৰ মহম্মদ আব্দুল কাদিৰ,চমিৰুদ্দিন আৰু গোৱালপাৰাৰ ৰুবি আলী। উল্লেখযোগ্য যে আৰক্ষী অহাৰ উমান পাই ধৃত সৰবৰাহকাৰী কেইজনে নোট ছপা কৰা মেচিন জ্বলাই দিয়ে।

আনহাতে জব্দকৃত আটাইবোৰ নোট ৫০০ টকীয়া বুলি আৰক্ষীয়ে উল্লেখ কৰে। ইয়াৰোপৰি ধৃত কেইজনৰ পৰা আৰক্ষীয়ে ৩টাকৈ মোবাইল ফোনো জব্দ কৰে। ইতিমধ্যে অধিক তথ্যৰ বাবে আৰক্ষীয়ে কেউগৰাকীকে সোধা-পোছা অব্যাহত ৰাখিছে।