অসম

এতিয়াৰে পৰা ডিজিপিৰ অনুমতি অবিহনে সংবাদ মাধ্যমৰ সন্মুখত ভাষ্য দিব নোৱাৰিব আৰক্ষীয়ে

Asomiya Pratidin

ডিজিটেল ডেস্ক : এতিয়াৰে পৰা আৰক্ষী সঞ্চালক প্ৰধানৰ অনুমতি অবিহনে মুখ খুলিব নোৱাৰিব জিলা পৰ্যায়ৰ আৰক্ষী বিষয়াসকলে । অৰ্থাৎ সংবাদ মাধ্যম বা ৰাজহুৱা স্থানত ভাষ্য দিয়াৰ পূৰ্বে অধিক সাৱধানতা অৱলম্বন কৰাৰ সৈতেই আৰক্ষী সঞ্চালক প্ৰধানৰ অনুমতিও গ্ৰহণ কৰিব লাগিব আৰক্ষী বিষয়া সকলে । বিশেষকৈ আৰক্ষীৰ 'পলিচি' সমূহৰ সন্দৰ্ভত জাৰী কৰা হৈছে এই নিৰ্দেশনা । অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ পৰা জাৰী হোৱা এই নিৰ্দেশনাই এতিয়া বহন কৰিছে এক গুৰুত্বপূৰ্ণ বাৰ্তা ।

শেহতীয়াকৈ জোনমণি ৰাভাৰ মৃত্যুৰ পিছত বিভিন্ন বাতৰি আৰু ভাষ্যই সময়ে সময়ে সকলোকে দিকভ্ৰান্ত কৰি অহা দেখা গৈছিল । যি হয়তো পৰিকল্পিত অথবা অপৰিকল্পিত, কিন্তু ই পৰৱৰ্তী সময়ত তদন্তত আউল লগোৱাৰ সম্পূৰ্ণ সম্ভাৱনীয়তা বহন কৰিছিল । যাৰ বাবেই এই সিদ্ধান্ত অতিকৈ গুৰুত্বপূৰ্ণ আছিল অসম আৰক্ষীৰ বাবে ।

কিন্তু একে সময়তেই এনেদৰে প্ৰকাশ হোৱা ভাষ্যবোৰে আকৌ জোনমণি ৰাভাৰ মৃত্যুৰ ন ন দিশো উন্মোচন কৰি দিছিল । যাৰ অবিহনে হয়তো মৃত্যুৰ তদন্ত এই পৰ্যায়ত নাথাকিলে হয় আজি । সংবাদ মাধ্যমৰ নিজা প্ৰচেষ্টাত বিচাৰি উলিওৱা হৈছিল প্ৰত্যক্ষদৰ্শীৰূপে দাবী কৰা প্ৰণৱ দাসক । সমগ্ৰ ৰাইজক মৃত্যুৰ তদন্তৰ সকলো তথ্য যোগান ধৰিছিল সংবাদ মাধ্যমে । তাৰ মাজতেই নগাওঁ সদৰ থানাৰ কৰ্মচাৰী এগৰাকীৰ ফোনকল এটি প্ৰচাৰ হোৱাৰ পাছত অধিক বিভ্ৰান্তিৰ সৃষ্টি হৈছিল শেহতীয়াকৈ ।

এই সকলো দিশলৈ লক্ষ্য ৰাখি আৰক্ষী সঞ্চালক প্ৰধানৰ এই সিদ্ধান্তই পৰৱৰ্তী পৰ্যায়ত যিকোনো সিদ্ধান্ত পৰিপাটিকৈ আৰু খৰতকীয়াকৈ ল'বলৈ সক্ষম হ'ব বুলি আশাবাদী সকলো ।