অসম

লামডিঙত আৰক্ষী আৰু ড্ৰাগছ পেডলাৰৰ মাজত সংঘৰ্ষ

Asomiya Pratidin
  • লামডিঙত আৰক্ষী আৰু ড্ৰাগছ পেডলাৰৰ মাজত সংঘটিত হয় সংঘৰ্ষ ।

  • বৃহস্পতিবাৰে পুৱতি নিশা লামডিং আৰক্ষীয়ে গোপন সুত্ৰৰ ভিক্তিত লামডিং IOCৰ সমীপত অভিযান চলোৱা কালতে সংঘটিত হৈছে উক্ত ঘটনাটি ৷

  • লামডিং আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত আহত হয় এজন গৃহৰক্ষী জোৱান।

  • আবুল আলী নামৰ এজন ড্ৰাগছ পেডলাৰক আটক কৰিবলৈ গৈ আহত হয় লামডিং আৰক্ষীৰ গৃহৰক্ষী জোৱান প্ৰণৱ পাঠক।

  • আবু আলিক বচাবলৈ গৈ পৰিয়ালবৰ্গই গৃহৰক্ষী জোৱানজনক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

  • আৰক্ষীৰ কৰ্তব্যত বাধা দিয়াৰ বাবে আবু আলিৰ পৰিয়ালৰ চাৰি জনক আৰক্ষীয়ে আটক কৰিছে।

  • আবু আলিক আৰক্ষীয়ে আটক কৰিবলৈ এতিয়াও তদন্ত অব্যাহত ৰাখিছে ৷

  • ঘটনা সন্দৰ্ভত আটোকাধীন চাৰিজন হল- ফাইজল আলি, ৰফিক আলি, সৱনা বেগম আৰু ৰশৌন বেগম।