অসম

বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে পৰ্যটকৰ বাবে মুকলি কৰিলে পবিতৰা অভয়াৰণ্য

Asomiya Pratidin

ডিজিটেল সংবাদ, মায়ং: শুকুৰবাৰে দিনৰ ১১.২০ বজাত পৰ্যটকৰ বাবে আনুষ্ঠানিক ভাবে মুকলি কৰা হয় এটা খৰ্গ যুক্ত গড়ৰ বিচৰণ ভূমি পবিতৰা অভয়াৰণ্য। ফিটা কাটি দেশী বিদেশী পৰ্যটকৰ বাবে পবিতৰাৰ দ্বাৰ মুকলি কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।লগত উপস্থিত থাকে জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকা।

পবিতৰাৰ দ্বাৰ মুকলি কৰাৰ পিছতেই বন বিভাগৰ হাতীৰ পিঠিত উঠি সামান্য এলেকা এটা দৰ্শন কৰে। প্ৰতি বছৰে হাতীত উঠাৰ পিছত ভি আই পি অতিথি সকলে জীপ চাফাৰীও কৰে যদিও পলম হোৱাৰ বাবে এইবাৰ জীপ চাফাৰী কৰা দেখা নগ'ল। এই অনুষ্ঠান উপলক্ষে মায়ঙৰ প্ৰতি খন গাঁৱৰ জীয়ৰী বোৱাৰী আৰু ৰাইজ উপস্থিত থাকে।

ইয়াৰ পিছতেই ৫০ গৰাকী মহিলাই আজি মুকলি সভাত পৰিৱেশন কৰে পবিতৰা শীৰ্ষক এটি সমবেত সংগীত। গীতটোৰ ৰচক ড০ উৎপল নাথ আৰু সাংস্কৃতিক কৰ্মী বিপুল ডেকাৰ পৰিকল্পনাৰে পবিতৰাৰ হাডুক বিলৰ পাৰত সমবেত সংগীতটো পৰিবেশন কৰোৱা হয় উপস্থিত অতিথি সকলৰ সন্মুখত।

আজিৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে মায়ঙৰ পৰম্পৰাগত ৰজা তৰনিকান্ত সিংহ কোৱৰ,মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মা,বন বিভাগৰ উচ্চ পদস্থ বিষয়া বৰ্গ,জিলাৰ আৰক্ষী অধীক্ষক আৰু অঞ্চলটোৰ গণ্য মান্য ব্যক্তিসকল।

উল্লেখযোগ্য যে বিগত বৰ্ষত পবিতৰা অভয়াৰণ্য কৰ্তৃপক্ষই দেশী বিদেশী পৰ্যটকৰ পৰা ৰাজহ আদায় কৰিবলৈ সক্ষম হয় ৫৫ লাখ ২৬ হাজাৰ টকা। দেশীয় পৰ্যটক আছিল ৩১০২৯ আৰু বিদেশী পৰ্যটকৰ সমাগম হৈছিল ৪০৩ গৰাকী।

এইবাৰ তাতকৈ দুগুণ ৰাজহ আশা কৰিছে বন বিভাগে। বন বিভাগৰ ১৩ টাকৈ হাতী আৰু ২০ খন জীপ সাজু হৈ আছে । পবিতৰাত পৰ্যটকে দৰ্শন কৰিব পাৰিব এশ টাতকৈ অধিক খড়,বনৰীয়া মহ, বন গাহৰি আৰু হাজাৰ হাজাৰ পৰিভ্ৰমী চৰাই। পবিতৰাৰ প্ৰাকৃতিক সৌন্দৰ্য্যই প্ৰতি জন দৰ্শনাৰ্থীকে আকৰ্ষিত কৰি আহিছে।

এই খিনিতে উল্লেখ কৰিব লাগিব যে আজিৰ মুকলি অনুষ্ঠানত কোনো এজন বিদেশী পৰ্যটক দেখা পোৱা নগ'ল। আনপিনে অনলাইন বুকিং কৰিবৰ বাবে পবিতৰাৰ বন বিভাগে যিটো পৰ্টেল পৰ্যটকৰ বাবে সাজু কৰিছিল সেই পৰ্টেলটো দিনৰ এক বজালৈ খোল নাখালে। যি দুই এজন পবিতৰা চাবলৈ কলিকতাৰ পৰা আহি পাইছিল পৰ্টেলৰ অসুবিধাৰ বাবে ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিলে দিনৰ এক বজালৈ।