নতুন সশস্ত্ৰ সংগঠন খোলাৰ পৰিকল্পনা ! শীৰ্ষস্থানীয় বিষয়া আটক সন্দৰ্ভত কোকৰাঝাৰ আৰক্ষীৰ সংবাদমেল...
নতুন সশস্ত্ৰ সংগঠন খোলাৰ পৰিকল্পনা ! শীৰ্ষস্থানীয় বিষয়া আটক সন্দৰ্ভত কোকৰাঝাৰ আৰক্ষীৰ সংবাদমেল...  
অসম

নতুন সশস্ত্ৰ সংগঠন খোলাৰ পৰিকল্পনা ! শীৰ্ষস্থানীয় বিষয়া আটক সন্দৰ্ভত কোকৰাঝাৰ আৰক্ষীৰ সংবাদমেল...

Asomiya Pratidin

ডিজিটেল সংবাদ; কোকৰাঝাৰ : বড়োলেণ্ডত তিনিজন বড়ো নেতাক আটক আৰু তাৰ পাছতেই বড়োলেণ্ডৰ ৰাজনীতিত ধমুহা। বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ কাৰ্যকৰী সভাপতি দাওৰাও দেখ্ৰেৱ নাৰ্জাৰী, বিপিএফৰ নেতা তথা প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰী আৰু সদৌ বি টি এ ডি ঠিকাদাৰ সন্থাৰ সভাপতি বিক্ৰম দৈমাৰীক আটক ৷ ইয়াৰ পাছতে কোকৰাঝাৰ তথা বিটিআৰত প্ৰতিক্ৰিয়া অব্যাহত।

কোকৰাঝাৰ আৰক্ষীয়ে আটক কৰা প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰী , জনজাতি সুৰক্ষা মঞ্চৰ কাৰ্যকাৰী সভাপতি দাওৰাও দেখ্ৰেব নাৰ্জাৰী আৰু বড়োলেণ্ড ঠিকাদাৰ সন্থাৰ সভাপতি বিক্ৰম দৈমাৰীক শনিবাৰে আদালতত হাজিৰ কৰাৰ পিছতেই কোকৰাঝাৰ আৰক্ষীৰ সংবাদমেল।

উল্লেখযোগ্য যে, নতুন সশস্ত্ৰ সংগঠন খোলাৰ পৰিকল্পনা কৰাৰ বাবেই আটক কৰা বুলি সংবাদমেলত প্ৰকাশ কৰে অতিৰিক্ত আৰক্ষী অধীক্ষক নৱনীতা শৰ্মাই । ইতিমধ্যে তিনিওজনৰ বিৰুদ্ধে কোকৰাঝাৰ সদৰ থানাত গোচৰ ৰজু কৰিছে আৰক্ষীয়ে। ইফালে প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰী আৰু বড়োলেণ্ড ঠিকাদাৰ সন্থাৰ সভাপতি বিক্ৰম দৈমাৰীক পাঁচদিনৰ বাবে আৰক্ষী জিন্মালৈ প্ৰেৰণ কৰাৰ লগতে জনজাতি সুৰক্ষা মঞ্চৰ কাৰ্যকাৰী সভাপতি দাওৰাও দেখ্ৰেব নাৰ্জাৰীক ১৪ দিনৰ ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰাৰ কথা সংবাদমেলত প্ৰকাশ কৰে অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে ।