অসম

মাওবাদী ষ্টাইলেৰে ৰাহুল গান্ধী আৰু ভূপেন বৰাই কৰিছে ন্যায় যাত্ৰা- মন্ত্ৰী পিয়ুষ হাজৰীকা

Asomiya Pratidin

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ মাওবাদী ষ্টাইলেৰে ৰাহুল গান্ধী আৰু ভূপেন বৰাই কৰিছে ন্যায় যাত্ৰা৷ বেৰিকেড ভাঙি আৰু আৰক্ষীক মাৰপিট কৰি কৰা এই ন্যায় যাত্ৰা আচলতে মাওবাদীয়ে কৰা ন্যায় যাত্ৰাৰ দৰে- এই মন্তব্য অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পিয়ুষ হাজৰীকাৰ ৷

বুধবাৰে জামুগুৰিহাটৰ বহাগী মেলা বাকৰিত অনুষ্ঠিত ৰেচন কাৰ্ড বিতৰণৰ আনুষ্ঠানিক কাৰ্যসূচীত অংশগ্ৰহণ কৰি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এইদৰে কয় মন্ত্ৰী গৰাকীয়ে৷ ন-দুৱাৰ সমষ্টিৰ ৩০৩৭ খন ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠানত শোনিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী গৰাকীয়ে অংশ গ্ৰহণ কৰে। ভাষণ প্ৰসংগত তেওঁ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা জনকল্যানমুলক আঁচনি সমূহৰ বিষয়ে উপস্থিত হাজাৰ হাজাৰ মহিলাক অৱগত কৰাৰ লগতে ৰেচন কাৰ্ডখনৰ পৰা লাভ কৰিব লগীয়া সুবিধাসমূহকলৈও মহিলাসকলক অৱগত কৰোয়ায়৷ অনুষ্ঠানটিত সাংসদ পল্লৱলোচন দাস,বিধায়ক পদ্ম হাজৰিকা,জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰকে ধৰি খাদ্য,ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিষয়াসকলো উপস্থিত আছিল৷