অসম

আৰক্ষীক নাকী লগাব কোনে? থানাৰ ভিতৰত সুৰাৰ আড্ডা বিষয়াৰ...

Asomiya Pratidin

প্ৰতিদিন সেৱা, ফিল’বাৰীঃ যিসময়ত সমগ্ৰ ফিল’বাৰী অঞ্চলতে ড্ৰাগছ, চুলাই, কানি ইত্যাদি অবাধ প্ৰচলনৰ বিৰুদ্ধে স্থানীয় ৰাইজ তথা দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে ঠিক তেনে সময়তে ফিল’বাৰী থানাৰ দায়িত্বপ্ৰাপ্ত এগৰাকী আৰক্ষী বিষয়াৰ এখন ফটোক লৈ তীব্ৰ চৰ্চা হৈছে ৷ শেহতীয়াকৈ থানাখনৰ এগৰাকী বিষয়াক খাকী পোছাকত সুৰাৰ আড্ডা দি থকাৰ আপত্তিজনক আলোকচিত্ৰ ভাইৰেল হৈ পৰিছে ৷

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা ছবিত ফিল’বাৰী থানাৰ উপ-পৰিদৰ্শক ত্ৰৈলোক্য গগৈয়ে আন এগৰাকী সতীৰ্থ আৰক্ষী নিত্যা বুঢ়াগোহাঁঞিৰ সৈতে একেলগে থানাৰ চৌহদতে বিলাতী সুৰাৰ আড্ডাত মছগুল হৈ থকা দৃশ্যক মুঠেই সহজভাৱে ল’ব পৰা নাই স্থানীয় ৰাইজে ৷

এগৰাকী দায়িত্বশীল বিষয়াই খাকী পোছাকত তথা কৰ্তব্যৰত অৱস্থাত কেনেদৰে থানাৰ চৌহদতে সুৰা সেৱন কৰিবলৈ সাহস কৰিলে সেয়া নিশ্চিতভাৱে চিন্তনীয় বিষয় হৈ পৰিছে ৷

অভিযোগ অনুসৰি থানাখনলৈ এটা বিশেষ কামৰ বাবে অহা কেইগৰাকীমান লোকৰ সৈতে একেলগে বহি এনেদৰে হাতত সুৰা তুলি লৈছিল আৰক্ষী বিষয়া গৰাকীয়ে ৷ কৰ্তব্যৰত অৱস্থাত সুৰা সেৱনৰ দৃশ্য ভাইৰেল হৈ পৰা এইগৰাকী আৰক্ষী বিষয়া তথা সতীৰ্থ কৰ্মচাৰীৰ বিৰুদ্ধে আৰক্ষীৰ উৰ্ধতম মহলে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত হ’ব লক্ষণীয় ৷