অসম

সুখবৰ! অসমত ৫টকাকৈ হ্ৰাস পাব পেট্ৰ’ল-ডিজেলৰ মূল্য

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ বিত্তমন্ত্ৰী অৰুণ জেটলিৰ ঘোষণাৰ পিছতে অসমবাসীলৈ সুখবৰ বিশেষ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। এই অনুযায়ী এতিয়াৰে পৰা অসমত প্ৰতি লিটাৰ পেট্ৰ'ল-ডিজেলৰ দাম ৫ টকাকৈ হ্ৰাস পাব।

বিত্তমন্ত্ৰীৰ আহ্বান মৰ্মে ৰাজ্য চৰকাৰে বৃহস্পতিবাৰে শুল্ক ৰেহাইৰ সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখ্য যে আজি দুপৰীয়াৰ ভাগত সংবাদমেলৰ আয়োজন কৰি উৎপাদন শুল্ক ২.৫০ টকাকৈ হ্ৰাস কৰাৰ কথা সদৰী কৰে। লগতে তেওঁ ৰাজ্য চৰকাৰসমূহকো কৰ হ্ৰাস কৰিবলৈ আহ্বান জনাইছিল।

বিত্তমন্ত্ৰী অৰুণ জেটলিয়ে সংবাদ মেলযোগে উক্ত ঘোষণা কৰাৰ পিছতে দামবৃদ্ধিত জুৰুলা হৈ পৰা কোটি কোটি লোকৰ মুখত সামান্যকৈ হ'লেও হাঁহি বিৰিঙি উঠা দেখা গৈছে।

দিনে দিনে পেট্ৰ'ল-ডিজেলৰ মূল্য বৃদ্ধি পোৱাৰ বাবে বিত্তমন্ত্ৰীগৰাকীয়ে আন্তৰ্জাতিক বজাৰকে দায়ী কৰে। আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ দাম বৃদ্ধিৰ পৰিপ্ৰেক্ষিততে দেশত পেট্ৰ'ল-ডিজেলৰ দাম হোৰাহোৰে বৃদ্ধি পাইছে বুলি স্পষ্ট কৰি দিয়ে জেটলিয়ে।

পঢ়িবলৈ তলৰ ফটোত Click কৰক

পেট্ৰ'ল-ডিজেলৰ দামৰ ওপৰত চৰকাৰৰ নিয়ন্ত্ৰণ নাই যদিও নিয়ন্ত্ৰণত থকা উৎপাদন শুল্ক ২.৫০ টকাকৈ হ্ৰাস কৰা বুলিও জনায় মন্ত্ৰীগৰাকীয়ে। দেশবাসীৰ সমস্যা অনুধাৱন কৰিব পাৰিছে বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা জেটলিয়ে সদৰী কৰে।