১০০ লিটাৰ পেট্ৰ’ল কিনিলে এখন নেন’ উপহাৰ…!

১০০ লিটাৰ পেট্ৰ’ল কিনিলে এখন নেন’ উপহাৰ…!

► মৃদুল কুমাৰ সন্দিকৈ

শ লিটাৰ পেট্ৰ'ল কিনক, এখন নেন' গাড়ী উপহাৰ লওঁক!

এনে দিনেই এতিয়া আহি আছে। পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিক লৈ সৰৱ চৰ্চা। ভালদিনৰ সপোন দেখুৱাই শাসনলৈ অহা সকল এতিয়া নিমাত। অথচ এদিন এওঁলোকেই পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিক লৈ সৰৱ হৈছিল। গৰু গাড়ী লৈ প্ৰতিবাদ কৰিছিল। প্ৰতিদিনেই পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ ফলত এই পৰ্যায় পাইছেগৈ যে মানুহে গাড়ী নগদ ধন দি কিনিব পাৰিলেও পেট্ৰ'ল ঋণ লৈহে কিনিব লাগিব বুলি ব্যাংগাত্মক মন্তব্য কৰিবলৈ মানুহ বাধ্য হৈছে।

প্ৰতিদিনেই পইচা হিচাপত এই মূল্যবৃদ্ধি হোৱাৰ বাবে সাধাৰণ শ্ৰেণীৰ লোকে কথাটো অনুভৱ কৰা নাই। শেহতীয়াকৈ অসমতে ইয়াৰ প্ৰভাৱ কেনেদৰে পৰিলে সেই কথা এখন তালিকালৈ লক্ষ্য কৰিলে স্পষ্ট হয়। পেট্ৰ'ল-ডিজেলৰ মূল্যবৃ্দ্ধিৰ ফলত ৩ অক্টোবৰৰ পৰা বাছৰ ভাড়া ৰাজ্যখনত বৃদ্ধি কৰা হৈছে। বুধবাৰৰ পৰা অৰ্থাৎ ৩ তিনি অক্টোবৰৰ পৰা ৪০ শতাংশ হাৰত বৃদ্ধি কৰা হৈছে দূৰণিবটীয়া বাছৰ ভাড়া। সেই অনুসৰি এতিয়াৰে পৰা গুৱাহাটীৰ পৰা লখিমপুৰলৈ নতুন ভাড়া হ'ব ৬৩০টকা।

একেদৰে পূৰ্বতে শিৱসাগৰৰ পৰা গুৱাহাটীলৈ ভাড়া আছিল ৪৫০ টকা। বাছৰ ভাড়া বৃদ্ধিৰ ফলত সেই ভাড়া ৬৩০টকালৈ বৃদ্ধি। এই নতুন নিৰিখত যাত্ৰীৰ পৰা বাছ কৰ্তৃপক্ষই ভাড়া আদায় কৰা সিদ্ধান্ত লোৱাৰ বিপৰীতে চৰকাৰে ইয়াৰ বিৰোধ কৰিব পৰা নাই। চৰকাৰে ৩০ শতাংশ ভাড়া বৃদ্ধিত সন্মতি প্ৰদান কৰিছে। ভল্ভ' গাড়ীৰে গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ যাবলৈ এতিয়া এজন যাত্ৰীক প্ৰয়োজন হ'ব ১০০০ টকা । একেদৰে বাতানুকুল বাছত লখিমপুৰলৈ যাবলৈ এজন যাত্ৰীয়ে ভৰিব লাগিব ৭০০টকা। সদৌ অসম দূৰণিবটীয়া বাছ মালিক সন্থাই প্ৰকাশ কৰা এই তালিকা অনুসৰি গুৱাহাটীৰ পৰা অন্য স্থানসমূহলৈ ভাড়া নিৰিখ হ'ব এনেধৰণৰ-

৩ অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱা দূৰণিবটীয়া বাছৰ নতুন ভাড়াৰ নিৰিখৰ তালিকা
৩ অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱা দূৰণিবটীয়া বাছৰ নতুন ভাড়াৰ নিৰিখৰ তালিকা

ইয়াৰ ফলত দূৰণিবটীয়া বাছত মানুহ উঠাতো এক বিলাস হ'ব। সাধাৰণ মানুহে যাওঁ বুলি ক'লৈকো যাব নোৱাৰিব। কোনোবা এজন লোক লখিমপুৰৰ পৰা গুৱাহাটীলৈ আহোতে তেওঁ বাছৰ ভাড়া আৰু খোৱা-বোৱাৰ নামতেই জেপত থাকিব লাগিব অতি কমেও ২ হাজাৰ টকা।

বাইকত প্ৰেয়সীৰ সৈতে গৈ থকা প্ৰেমিকক প্ৰেয়সীয়ে ক'লে- 'অলপ দামী ঠাইলৈ লৈ বলানা।' হয়তো প্ৰেয়সীয়ে তেওঁক কোনোবা দামী ৰেষ্টুৰেন্টলৈ লৈ যোৱাৰ কথা কৈছিল। প্ৰেমিকে লৈ গ'ল এটা পেট্ৰ'ল ডিপ'লৈ। আৰু ক'লে- 'ইয়াতকৈ আৰু দামী ঠাইত এতিয়া কি হ'ব পাৰে।' কৌতুক যেন লাগিলেও এয়াই বাস্তৱ।

ভাৰতৰ অন্য প্ৰান্তৰ লগতে অসমতো পেট্ৰ'ল-ডিজেলৰ দাম ভাবিব নোৱাৰা ধৰণে বৃদ্ধি হৈছে। ২৪ ছেপ্টেম্বৰৰ পৰা ৰাজ্যখনত পেট্ৰ'লৰ মূল্যবৃদ্ধি হৈছে এইধৰণে-

  • ৩ অক্টোবৰ, ২০১৮- প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৮৬.৪১টকা।
  • ২ অক্টোবৰ, ২০১৮- প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৮৬.৪১ টকা।
  • ১ অক্টোবৰ, ২০১৮- প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৮৬.০৩ টকা
  • ৩০ ছেপ্টেম্বৰ, ২০১৮- প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৮৫.৭৮ টকা।
  • ২৯ ছেপ্টেম্বৰ, ২০১৮- প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৮৫.৭৮ টকা।
  • ২৮ ছেপ্টেম্বৰ, ২০১৮- প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৮৫.৭৮ টকা।
  • ২৭ ছেপ্টেম্বৰ, ২০১৮- প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৮৫.৫৫ টকা।
  • ২৬ ছেপ্টেম্বৰ, ২০১৮- প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৮৫.৪১ টকা।
  • ২৫ ছেপ্টেম্বৰ, ২০১৮- প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৮৫.৪১ টকা।
  • ২৪ ছেপ্টেম্বৰ, ২০১৮- প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৮৫.২৬ টকা।

(এই নিৰিখ গুৱাহাটীৰ পেট্ৰ'ল ডিপ'ৰ)

২০১৮ বৰ্ষৰ ১ জানুৱাৰীত গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য আছিল ৭১.৯৯ টকা। ফেব্ৰুৱাৰীত সেই মূল্য ১.৬১ টকা কমিছিল। কিন্তু মে'ৰ ভিতৰত পেট্ৰ'লৰ মূল্য ৰাজ্যখনত বৃদ্ধি হয় ৮ টকা। ৫ মাহত ৮ টকা বৃদ্ধি হ'ল প্ৰতিলিটাৰ পেট্ৰ'লত। ২০১৮ৰ এপ্ৰিলৰ ১ তাৰিখে পেট্ৰ'লৰ মূল্য ৭৫.৮০টকা, ৩০ এপ্ৰিলত ৭৬.৭৩ টকালৈ বৃদ্ধি পালে। অৰ্থাৎ এই মাহটোত পেট্ৰ'লৰ মূল্য বৃদ্ধি আছিল +১.২২ শতাংশ। একেদৰে মে' মাহত পেট্ৰ'লৰ মূল্য ১ তাৰিখে ৭৬.৭৩ টকা আৰু এই মাহটোৰ অন্তিম দিনটোত পেট্ৰ'লৰ মূল্য বৃদ্ধি হৈছে ৮০.৬১টকালৈ। এই বৃদ্ধিৰ হাৰ +৫.০৫ শতাংশ।

৩ অক্টোবৰ, ২০১৮ত পেট্ৰ'লৰ মূল্য হ'লগৈ ৮৬.৪১ টকা। অৰ্থাৎ ১৪.৪২ টকা বাঢ়িল যোৱা ১০ মাহত পেট্ৰ'লৰ মূল্য। এই সময়ছোৱাত পেট্ৰ'লৰ মূল্য বৃদ্ধি হ'ল ২০.০৩ শতাংশ। প্ৰতিদিনেই এই মূল্য বৃদ্ধিৰ হাৰ পৰিৱৰ্তন হোৱা বাবে ইয়াক আমি হয়তো লক্ষ্য কৰা নাই। অসমৰ লগতে দেশৰ অন্য প্ৰান্ততো পেট্ৰ'ল-ডিজেলৰ মূল্য বৃদ্ধি পাইছে। ২০১৪চনৰ ডিচেম্বৰত দিল্লীত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য আছিল ৬১.৩৩টকা। কলকাতাত সেই মূল্য আছিল ৬৮.৬৫টকা।

মুম্বাইত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য আছিল ৬৮.৮৬টকা। আৰু ৪ বছৰৰ পাছত ২ অক্টোবৰ, ২০১৮ত  দিল্লীত পেট্ৰ'লৰ মূল্য প্ৰতিলিটাৰত হ'লগৈ ৮৩.৮৫টকা, ডিজেলৰ মূল্য ৭৫.২৫ টকা হ'ল। মুম্বাইত এই মূল্যবৃদ্ধিৰ হাৰ সৰ্বাধিক। মঙলবাৰে মুম্বাইত পেট্ৰ'লৰ মূল্য প্ৰতিলিটাৰত ৯১.২০ টকা হোৱা বিপৰীতে ডিজেলৰ মূল্য ৭৯.৮৯ টকা হয়। কলকাতাত সেই মূল্য আছিল ক্ৰমে- প্ৰতিলিটাৰ পেট্ৰ'লত ৮৫.৬৫টকা আৰু প্ৰতিলিটাৰ ডিজেলত ৭৭.১০ টকা।

পেট্ৰ'লৰ মূল্যই চেঞ্চুৰী কোবাব নেকি? ৩ অক্টোবৰত দেশৰ ভিতৰত পেট্ৰ'লৰ সৰ্বাধিক মূল্য আছিল মহাৰাষ্টৰ পৰ্বণীত। ইয়াত পেট্ৰ'লৰ মূল্য প্ৰতিলিটাৰত ৯৩.০০ টকা। অৰ্থাৎ ১০০ৰ ঘৰ চুবলৈ মাত্ৰ ৭টকা কম। ইমান দ্ৰুত গতিত পেট্ৰ'ল-ডিজেলৰ মূল্য বৃদ্ধি পাইছে যে ইয়াৰ প্ৰভাৱ সকলোতে পৰিছে। তৎস্বত্তেও ভাল দিনৰ সপোন দেখুওৱা এই চৰকাৰে কিন্তু ইয়াক নিয়ন্ত্ৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ সলনি গা এৰা মনোভাবেৰে এয়া আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যবৃ্দ্ধিৰ প্ৰভাৱ বুলি বিষয়টো এৰাই চলিছে।

পেট্ৰ'ল সঁচাকৈয়ে এতিয়া মূল্যবান হৈ পৰিছে। ১৭ ছেপ্টেম্বৰ, ২০১৮। তামিলনাডুৰ এখন বিয়া। দৰা-কইনাক শুভেচ্ছা জনাবলৈ গৈছিল এজন লোক। হাতত লৈ গৈছিল এটা পেট্ৰ'লৰ গেলন। ৫ লিটাৰ পেট্ৰ'ল আছিল গেলনটোত । সেইটোকেই দৰা-কইনাক উপহাৰৰূপে দি শুভেচ্ছা জনালে। এফালে প্ৰতিবাদ, আনফালে পেট্ৰ'ল-ডিজেল যে কিমান মূল্যবান হৈ পৰিছে তাক প্ৰতিপন্ন কৰিলে। সেই দিনা তামিলনাডুত পেট্ৰ'লৰ মূল্য আছিল প্ৰতিলিটাৰত ৮৫.১৫টকা।

পেট্ৰ'ল-ডিজেলক লৈ এনে কাহিনী ইয়াতে শেষ হোৱা নাই। স্বাধীনতাৰ পাছত ভাৰতত পেট্ৰ'ল-ডিজেলৰ মূল্য কিমান আছিল? ছ'চিয়েল মিডিয়াত এখন ফটোৱে যথেষ্ট চৰ্চা লাভ কৰিছে।

১৯৬৩চনত ৩.৬০ টকাত ৫ লিটাৰ পেট্ৰ'ল!
১৯৬৩চনত ৩.৬০ টকাত ৫ লিটাৰ পেট্ৰ'ল!

এখন কেছ মেম'। ২ অগষ্ট, ১৯৬৩চনৰ। য'ত উল্লেখ কৰা আছে 'ভাৰত পেট্ৰল ছাপ্লাই কৰ্পাৰেশ্যন'ৰ নাম। তাতেই লিখা আছে ৫ লিটাৰ পেট্ৰ'লৰ মূল্য ৩.৬০টকা। এই কেচ মেম'খন সঁচা নহ'বও পাৰে। কিন্তু এটা কথা এই কেচ মেম'খনৰ জৰিয়তে পোহৰলৈ আহে যে, ভাবিব নোৱাৰা ধৰণেৰে বৃদ্ধি হৈছে পেট্ৰ'ল-ডিজেলৰ মূল্য। চৰকাৰে ইয়াক নিয়ন্ত্ৰণ কৰাৰ পদক্ষেপ বা ব্যৱস্থা  গ্ৰহণ কৰা নাই আজিও। সাধাৰণ জনতাৰ ওপৰত ইটোৰ পিছত সিটো মাধমাৰ সোধাইছে পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিয়ে।

আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱাতেলৰ মূল্য প্ৰতিলিটাৰ বেৰেলত ৮৫.৪৫ মাৰ্কিন ড'লাৰ। এফালে খাৰুৱা তেলৰ মূল্যবৃদ্ধি, আনফালে ড'লাৰৰ তুলনাত টকাৰ মূল্য অৱনমিত হোৱাৰ ফলতেই পেট্ৰ'ল-ডিজেলৰ মূল্য বৃদ্ধি হোৱা বুলি কৈ চৰকাৰে দায়িত্ব সামৰিছে। কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী ধর্মেন্দ প্ৰধানে এই যুক্তিকে দৰ্শাই দি ৩০ ছেপ্টেম্বৰ, ২০১৮ত এই কথা স্বীকাৰ কৰিলে যে- বাঢ়িব নলগা ধৰণে দেশত পেট্ৰ'ল-ডিজেলৰ মূল্য বৃদ্ধি পাইছে।

ভূটানৰ পেট্ৰ'ল ডিপ'ত অসমৰ গ্ৰাহকৰ ভিৰ…
ভূটানৰ পেট্ৰ'ল ডিপ'ত অসমৰ গ্ৰাহকৰ ভিৰ…

৬ মে', ২০১৮। নলবাৰীৰ পৰা চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ সীমান্তৱৰ্তী পেট্ৰ'ল ডিপ'ত তেল ভৰাবলৈ গৈছিল অসমৰ কেবাজনো লোক। তেওঁলোকক সোধা হৈছিল অসমৰ তেল জিপ'ত তেল নলৈ, তেওঁলোক কিয় ভূটানৰ তেল ডিপুলৈ গৈছে এই যুৱককেইজনে উত্তৰ দিলে- তেওঁলোকে কিছু ফুৰিবলৈ আৰু কম দামত তেল ক্ৰয় কৰাৰ লক্ষ্যৰে ভূটানলৈ আহিছে। সেইদিনা গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য আছিল ৭৫টকা আৰু ডিজেলৰ মূল্য আছিল ৬৪টকা। এই দিনটোত ভূটানত পেট্ৰ'লৰ মূল্য প্ৰতিলিটাৰত আছিল ৫২.০০টকা আৰু ডিজেলৰ মূল্য ৩৯.০০টকা। কিন্তু লক্ষণীয় কথাতো হ'ল ভূটানত বিক্ৰী হোৱা এই তেল ভূটানক দিয়ে ভাৰত চৰকাৰে। ইয়াৰ বাবদ ভূটানৰ পৰা কোনো ৰপ্তানি কৰ নলয় ভাৰতে।

প্ৰতিলিটাৰ পেট্ৰ'লত কেন্দ্ৰীয় চৰকাৰে কৰ হিচাপে লয় ১৯.৪৮ টকা। ডিজেলত প্ৰতিলিটাৰত কেন্দ্ৰীয় চৰকাৰে সংগ্ৰহ কৰা কৰৰ পৰিমাণ ১৫.৩৩টকা। তাৰপাছত ৰাজ্যসমূহে নিজাকৈ প্ৰতিলিটাৰ পেট্ৰ'লত ভেট প্ৰয়োগ কৰে। এই ভেট সৰ্বাধিক হাৰত সংগ্ৰহ কৰে মহাৰাষ্ট্ৰই। যাৰবাবে প্ৰতিখন ৰাজ্যতে পেট্ৰ'ল-ডিজেলৰ মূল্য তাৰতম্য হয়।

পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ ফলত অসন্তুষ্ট হৈ পৰা জনসাধাৰণক সকাহ দিবলৈ ৰাজ্য চৰকাৰে ভেটৰ হাৰ হ্ৰাস কৰি চমক দিয়াৰ চেষ্টা চলাইছে। ৰাজস্থান, অন্ধ্ৰপ্ৰদেশ, পশ্চিমবংগ চৰকাৰে কিছু পৰিমাণে ভেট কমাই দিয়াৰ ফলত পেট্ৰ'ল-ডিজেলৰ মূল্য সংশ্লিষ্ট ৰাজ্যকেইখনত কিছু হ্ৰাস হৈছে। এই পদক্ষেপে সকাহ দিবপৰা নাছিল সৰ্বসাধাৰণক।

২৭ মে', ২০১৮ৰ পৰা একেৰাহে ১৪দিন ধৰি বৃদ্ধি পাইছে পেট্ৰ'ল-ডিজেলৰ মূল্য। এই সময়ছোৱাত সৰ্বাধিক পেট্ৰ'লৰ মূল্য হৈছিল ৮৫.৯৩ টকা। পেট্ৰ'ল আৰু ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰভাৱ সকলো দিশতেই পৰে। ইয়াৰ ৰামটাঙোন পৰে সাধাৰণ লোক তথা কৃষক শ্ৰেণীৰ ওপৰত। আজিকালি কৃষি উৎপাদনত বিশেষকৈ ডিজেলৰ মূল্যই যথেষ্ট প্ৰভাৱ পেলাই। কৃষকসকলে ব্যৱহাৰ কৰা যন্ত্ৰপাতি, পৰিবহণ ব্যয় বৃদ্ধি পাই এই মূল্যবৃদ্ধিৰ ফলত। সেয়েহে ইয়াৰ প্ৰভাৱ বজাৰতো পৰে। এনেদৰে পৰোক্ষ-প্ৰত্যক্ষভাৱে প্ৰতিজন দেশবাসীয়ে ইয়াৰ কুফল ভোগ কৰিব লগা হয়।

চৰকাৰে পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব পৰা এক কাৰ্যপন্থা গ্ৰহণ কৰিব পাৰিলে হয়। তাকে নকৰি পেট্ৰ'লজাত সামগ্ৰী বজাৰ নিয়ন্ত্ৰণ কৰা কোম্পানীসমূহক ইয়াৰ মূল্য প্ৰতিদিনেই  নিয়ন্ত্রণ কৰিবলৈ দি চৰকাৰে নিজকে নিৰাপদ স্থানত ৰখাই থৈছে। আৰু এই কথা এনেদৰে জনসাধাৰণৰ মাজত প্ৰক্ষেপ কৰিছে যে, সেই মূল্য নিয়ন্ত্ৰণ আন্তঃৰাষ্ট্ৰীয় বজাৰৰ ওপৰত নিৰ্ভৰশীল। ইয়াত চৰকাৰৰ কোনো হাত নাই।

বিশ্বৰ আন অনুন্নত দেশবোৰত চৰকাৰে কম মূল্যত দেশবাসীক পেট্ৰ'ল-ডিজেল যোগান ধৰে। আনহে নালাগে চুবুৰীয়া পাকিস্তান, বাংলাদেশতো পেট্ৰ'ল-ডিজেলৰ মূল্য ভাৰততকৈ কম। কোন দেশত কিমান পেট্ৰ'লৰ মূল্য তেনে এখন তালিকা হ'ল-

এনে হাৰত পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধি হৈ থাকিলে কম দিনৰ ভিতৰতে এই মূল্যবৃদ্ধিয়ে ১০০ৰ ঘৰ অতিক্ৰম কৰিব। পূৰ্বতে পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধি হ'লে প্ৰতিবাদৰ জোৱাৰ উঠিছিল।জনসাধাৰণৰ ইয়াৰ প্ৰতি সচেতন হৈছিল। কিন্তু এতিয়া এই প্ৰক্ৰিয়াটোক এনেদৰে চৰকাৰে নিয়ন্ত্ৰণ কৰিছে যে প্ৰতিদিনাই পইচাৰ হিচাপত এই মূল্যবৃদ্ধি হৈ থকাৰ পাছতো প্ৰতিবাদ সাব্যস্ত কৰিবলৈ কোনো অবকাশ নাই।

এই গতিত মূল্যবৃদ্ধি চলি থাকিলে আজি নহ'লেও এদিন সেই ব্যংগবোৰে সঁচা হৈ পৰিব। পেট্ৰ'ল-ডিজেল ক্ৰয় কৰাতো সাধাৰণ লোকৰ বাবে সপোন হ'ব। আৰু পেট্ৰ'ল ডিপ'বোৰত আঁৰি দিব 'এশ লিটাৰ পেট্ৰ'ল কিনক আৰু এখন নেন' গাড়ী উপহাৰ লৈ যাওঁক…'।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in