আলফা(স্বা) ৰ নেতৃত্বৰ সৈতে যোগাযোগত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব...
আলফা(স্বা) ৰ নেতৃত্বৰ সৈতে যোগাযোগত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব... 
অসম

৪,০০৪ টা গোচৰঃ কাইলৈৰ পৰা বাল্য বিবাহত জড়িত সকলক কৰা হ'ব গ্ৰেপ্তাৰ

Asomiya Pratidin

ডিজিটেল ডেস্ক: বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্য চৰকাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে ৩ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যজুৰি আৰম্ভ হ'ব অভিযান আৰু চলোৱা হ'ব গ্ৰেপ্তাৰ প্ৰক্ৰিয়া।

মুখ্যমন্ত্ৰী গৰাকীয়ে জনাই যে বাল্য বিবাহৰ লগত জড়িত সকলোকে গ্ৰেপ্তাৰ কৰা হ'ব। তেওঁ কয় যে "কাইলৈৰ পৰা বাল্য বিবাহত জড়িত হাজাৰ হাজাৰ লোকক গ্ৰেপ্তাৰ কৰা হ'ব। পৰৱৰ্তী ছয় বা সাত দিনৰ ভিতৰত ১৮ বছৰৰ তলৰ ছোৱালীক বিয়া কৰোৱা সকলক গ্ৰেপ্তাৰ কৰা হ'ব''।

তেওঁ লগতে কয় যে কোনো ব্যক্তিয়ে ১৪ বছৰৰ তলৰ ছোৱালী এজনীৰ সৈতে বিবাহ পাশত আৱদ্ধ হ'লে পকচো আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হ'ব। অসমৰ পৰা বাল্য বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে।

টুইটাৰযোগে শৰ্মাই কয়, "অসম চৰকাৰে ৰাজ্যখনত বাল্য বিবাহৰ ৰোধ কৰাৰ সংকল্পত বদ্ধ। বৰ্তমানলৈকে ৰাজ্যজুৰি ৪,০০৪ টা গোচৰ পঞ্জীয়ন কৰিছে । গোচৰসমূহৰ ওপৰত ব্যৱস্থা ৩ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব। মই সকলোকে সহযোগিতা কৰিবলৈ অনুৰোধ জনাইছো।"

মুখ্যমন্ত্ৰী গৰাকীয়ে দিয়া তথ্য অনুসৰি ৰাজ্য়ত সৰ্বাধিক ধুবুৰী জিলাত (৩৭০) আৰু আটাইতকৈ কম হাইলাকান্দিত (১) টা গোচৰ পঞ্জীয়ন কৰা হৈছে।

অন্য জিলা সমূহত- বঙাইগাঁৱত মুঠ ১২৩টা, কাছাৰত ৩৫টা, দৰঙত ১২৫টা, ডিব্ৰুগড়ত ৭৫টা, গোৱালপাৰাত ১৫৭টা, হোজাইত ২৫৫টা, কামৰূপত ৮০টা, কোকৰাঝাৰত ২০৪টা, নগাঁৱত ১১৩টা, মৰিগাঁৱত ২২৪ টা আৰু তামুলপুৰত ১১০টা গোচৰ ৰুজু কৰা হৈছে।

আৰু পঢ়ক: সাহিত্য সভাৰ বাবে লখিমপুৰ জিলাত স্থানীয় বন্ধ ঘোষণা