অসম

ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন মৰাণবাৰীৰ পৱন শইকীয়া

Asomiya Pratidin

ডিজিটেল সংবাদ, ছয়দুৱাৰ : গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰঙাবাৰীৰ মৰানবাৰীৰ পৱন শইকীয়া(৩৪) নামৰ সৰবৰহী যুৱকজন ৰহস্যজনকভাৱে সন্ধানহীন হৈছে ব্ৰহ্মপুত্ৰৰ বুকুত। জানিব পৰা মতে বুধবাৰে আবেলি প্ৰায় ৪ বজাত পৱন শইকীয়া আৰু মৰাণবাৰীৰে তেওঁৰ সম্বন্ধীয় ভাতৃ জান শইকীয়া(৩৩) গৈছিল মেইলবজাৰৰ ব্ৰহ্মপুত্ৰৰ কাষৰ তেলেনী ঘাটলৈ।

তাতেই দুয়োজনে কিছু সময় কটাই নাঁৱত উঠি ফটো তুলিবলৈ লয়। এটা সময়ত ভাৰসাম্য হেৰুৱাই নাঁৱৰ পৰা ব্ৰহ্মপুত্ৰৰ গভীৰ পানীত সৰি পৰে পৱন শইকীয়া।মূহুৰ্ততে ব্ৰহ্মপুত্ৰৰ পানীত ডুব যায় পৱন।

ঘটনাটোৰ পিছত একেটা পৰিয়ালৰ সম্বন্ধীয় ভাতৃ জান শইকীয়াই স্থানীয় কোনো লোকক বিষয়টো অৱগত নকৰি ঘৰলৈ গুছি আহে। কিন্তু ঘৰ আহি পোৱাৰ পিছতো জান শইকীয়াই পৰিয়ালৰ কাকো বিষয়টো অৱগত নকৰিলে।

বৃহস্পতিবাৰে পুৱা প্ৰায় ৭ বজাত পৰিয়ালৰ লোকে জান শইকীয়াক বিষয়টো সোধা পোছা কৰাৰ পিছতহে জান শইকীয়াই পৱন নাঁৱৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুত পৰি নিখোজ হোৱা বুলি অৱগত কৰে। ইয়াৰ পিছতে পৱনৰ পৰিয়ালৰ মাজত হুৱা-দুৱা লাগে ।

ইয়াৰ পাছত পৱনৰ পৰিয়ালৰলোকে বিষয়টো আৰক্ষীক খবৰ দিয়াৰ পিছত আৰক্ষী আৰু এছ ডি আৰ এফৰ দল ঘটনাস্থলীত উপস্থিত হৈ ব্ৰহ্মপুত্ৰৰ বুকুত পৱনৰ সন্ধান উলিয়াবলৈ দিনজোৰা প্ৰচেষ্টা অব্যাহত ৰাখিছিল যদিও এছ ডি আৰ এফৰ অভিযান সফল নহ'ল।

জানিব পৰা মতে ঘটনাস্থলীৰ পৰা পৱনে লৈ যোৱা চাইকেল আৰু চেণ্ডেলযোৰ উদ্ধাৰ কৰে। অন্যহাতে ভাতৃ জান শইকীয়াই উক্ত বিষয়টো কিয় কাকো নজনোৱাকৈ গাপ দিব বিচাৰিছিল সেয়া সকলোৰে বাবে ৰহস্যৰ বিষয় হৈ পৰিছে।