অসম

অসমীয়া প্ৰতিদিনৰ কাৰ্যালয়ত পৰাগ কুমাৰ দাসলৈ শ্ৰদ্ধাঞ্জলি...

Asomiya Pratidin

ডিজিটেল ডেস্ক : আজি সাংবাদিক পৰাগ কুমাৰ দাসৰ ২৭ সংখ্যক মৃত্যু বাৰ্ষিকী। ১৯৯৬ চনৰ ১৭ মে' তাৰিখে আততায়ীৰ হাতত প্ৰাণ হেৰুৱাইছিল এইগৰাকী নিৰ্ভীক-নিৰপেক্ষ সাংবাদিকে। আজি ২৭ সংখ্যক মৃত্যু বাৰ্ষিকীত সাংবাদিক গৰাকীক সোঁৱৰিছে ৰাজ্যবাসীয়ে।

প্ৰতিদিন গোষ্ঠীৰ সৈতে পৰাগ কুমাৰ দাসৰ আছিল ওত:প্ৰোত সম্পৰ্ক। জন্মলগ্নৰ কাৰ্যবাসী সম্পাদক আছিল পৰাগ কুমাৰ দাস। সাহসী, সৎ আৰু নীতিত অবিচলিত সাংবাদিক গৰাকীক বিগত ২৭ টা বছৰে সোঁৱৰণ কৰি আহিছে প্ৰতিদিন গোষ্ঠীয়ে। আজিও তাৰ ব্যতিক্ৰম নহ'ল। চানমাৰীস্থিত প্ৰতিদিন গোষ্ঠীৰ মুখ্য কাৰ্যালয়ত সোঁৱৰণ কৰা হয় সাংবাদিক গৰাকীক।

বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা অনুষ্ঠানটোৰ আঁত ধৰে প্ৰতিদিন গোষ্ঠীৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই। উক্ত অনুষ্ঠানটিত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট শিক্ষাবিদ, ভাষাতত্ববিদ তথা অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড০ মালিনী গোস্বামীয়ে।

ইয়াৰ পিছতে পুষ্প অৰ্পন কৰে প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সহকাৰী সম্পাদক মানসী বায়ন গোস্বামীয়ে। অনুষ্ঠানত কাৰ্যালয়ৰ প্ৰতিগৰাকী কৰ্মচাৰীয়ে সাংবাদিক গৰাকীক স্মৰণ কৰি পুষ্প অৰ্পন কৰে। উল্লেখ্য যে, এই কাৰ্যসূচীত সহযোগ কৰে অসমীয়া প্ৰতিদিন ডিজিটেল আৰু প্ৰতিদিন টাইম ডিজিটেলও।