অসম

নিৰুদ্দিষ্ট আলফা সদস্য পলাশ মৰাণৰ মৃতদেহ উদ্ধাৰ

Asomiya Pratidin

ডিজিটেল সংবাদ , ফিল’বাৰী : আলফা (স্বা)ৰ প্ৰতিষ্ঠা দিৱসৰ প্ৰাক্‌ক্ষণত ম্যানমাৰ শিবিৰৰ পৰা আন তিনি সতীৰ্থৰ সৈতে পলায়ণ কৰিছিল পলাশ মৰানে। পলায়ন কৰা পলাশ মৰাণ নামৰ আলফা সদস্যজনৰ মৃতদেহ মঙলবাৰে উদ্ধাৰ হয় ৷

আছাম ৰাইফলছ আৰু স্থানীয় লোকৰ সহায়ত ইণ্ডো-ম্যানমাৰ সীমান্তৰ আপাৰ চিংঘা নামৰ এখন বস্তিত আলফা সদস্যজনক পৰিয়ালৰ লোকে পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰে ৷ আন তিনি সতীৰ্থৰ সৈতে পলায়ণ কৰা সদস্যজনৰ মৃত্যুৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই ৷

ইপিনে আন তিনি সৰ্তীথ ক্ৰমে মন্টু মৰাণ, মহন্ত বৰুৱা আৰু হিমাংশু ভূঞা ইতিমধ্যই অৰুণাচলত আৰক্ষীৰ জালত পৰিছিল ৷ আজি মৃতদেহ উদ্ধাৰ হোৱা পলাশৰ ঘৰ পেঙেৰীৰ তৰাণী গাঁৱত।