অসম

ৰাণীৰ পখিলা আৰু কাহিগংগা কৃষক উৎপাদন কোম্পানীৰ উল্লেখনীয় পদক্ষেপ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰাণী অঞ্চলৰ পখিলা আৰু কাহিগংগা কৃষক উৎপাদন কোম্পানীৰ উল্লেখনীয় পদক্ষেপ। জৈৱিক পদ্ধতিৰে প্ৰস্তুত হোৱা জালুকক এখন বজাৰ দিয়াৰ উদ্দেশ্যে সোমবাৰে ৰাণী অঞ্চলৰ পখিলা আৰু কাহিগংগা কৃষক উৎপাদন কোম্পানীয়ে উৎপাদন কৰা জালুক গুৱাহাটীৰ লেজেণ্ড ট্ৰেডাৰ্চ নামৰ কোম্পানীয়ে ক্ৰয় কৰে।

জানিব পৰা অনুসৰি উৎপাদিত জালুকৰ পৰা অন্যান্য সামগ্ৰী প্ৰস্তুত কৰি কোম্পানীটোৱে ভাৰতৰ বিভিন্ন প্ৰান্তত বিক্ৰী কৰিব। আজিৰে পৰা আৰম্ভ হোৱা এই বিক্ৰী প্ৰক্ৰিয়াত সম্পূৰ্ণ সহায় সহযোগিতা আগবঢ়ায় এপাৰ্টে।

উক্ত অনুষ্ঠানত এপাৰ্টৰ জিলা কৃষি বাণিজ্য সহায়ক দিবাকৰ মুহুদি, গৱেষণা কাৰিকৰ ৰূপক কলিতা, কৃষক উৎপাদন কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া দিপাংকৰ দাস তথা লেজেণ্ড ট্ৰেডাৰ্চৰ দুই বিষয়ববীয়া কৰণ কলিতা আৰু বৰুণ সাহা উপস্থিত থাকে।লেজেণ্ড ট্ৰেডাৰ্চয়ে আজি প্ৰায় ৫ কুইণ্টল জালুক ক্ৰয় কৰি নিয়ে।