অসম

ৰৌতাত ভয়ংকৰ পথ দুৰ্ঘটনা

Asomiya Pratidin

ডিজিটেল সংবাদ, ওৰাংঃ ৰৌতাৰ তাৰাবাৰীত সংঘটিত হয় ভয়াৱহ পথ দুৰ্ঘটনা। কণ-কণ স্কুলীয়া ছাত্ৰ-ছাত্ৰী কঢ়িওৱা মাৰুতি ভানত প্ৰচণ্ড খুন্দা মাৰে অবৈধ শিল-বালি কঢ়িওৱা ডাম্পাৰে। কথমপি প্ৰাণ ৰক্ষা প্ৰায় দহ গৰাকী ছাত্ৰ-ছাত্ৰীৰ।

ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত তাৰাবাৰীত As-13H-1614 নম্বৰৰ কণ-কণ ছাত্ৰ-ছাত্ৰী কঢ়িওৱা মাৰুতি ভানত বিপৰীত দিশৰ অহা শিল-বালি কঢ়িওৱা AS-27C-5991 নম্বৰৰ ডাম্পাৰে প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে। ফলত মাৰুতি ভানখনত থকা ছাত্ৰ-ছাত্ৰী কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হয়। লগে-লগে স্থানীয় ৰাইজে আঘাতপ্ৰাপ্ত কণ-কণ স্কুলীয়া ছাত্ৰ-ছাত্ৰীক ৰৌতা মডেল হস্পিটেললৈ প্ৰেৰণ কৰে। ইয়াৰে দুজন শিশুক উন্নত চিকিৎসা বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।

গাওঁখনত অবৈধ শিল-বালি কঢ়িওৱা ডাম্পাৰৰ অতপালিৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ। বিদ্যালয়লৈ যোৱাৰ সময় আৰু ছুটিৰ সময়ত ডাম্পাৰৰ চলাচল বন্ধ ৰাখিবলৈ প্ৰশাসনক দাবী ৰাইজৰ।

উল্লেখযোগ্য যে তাৰাজুলি-ৰৌতা ষ্টেচনত ডাম্পাৰৰ অতপালিত সঘনাই সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনা। মদৰ নিচাত তীব্ৰ বেগেৰে চলোৱা ডাম্পাৰৰ খুন্দাত অঞ্চলটোত কেবাগৰাকী লোক ঘূণীয়া হৈ পৰি আছে। দিনে নিশাই শ-শ ডাম্পাৰৰ চলাচলত ৰাস্তা-ঘাট জৰাজীৰ্ণ হৈ পৰিছে।‌ প্ৰশাসনেও এইপৰ্যন্ত কোনো ব্যৱস্থা লোৱা নাই। শীঘ্ৰেই বৃহত্তৰ অঞ্চলত ডাম্পাৰৰ দৌৰাত্ম বন্ধ কৰিবলৈ জিলা প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষক দাবী জনায় স্থানীয় ৰাইজে।