orang
orang 
অসম

ৰৌতাৰ বড়োলেণ্ড পথাৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ ৫৫ তম অধিৱেশনৰ লাইখুটা স্থাপন...

Asomiya Pratidin

ডিজিটেল সংবাদ, ওৰাং : কৃষ্টিৰ পথাৰত আৰম্ভ হ'ল শিক্ষা, প্ৰগতি আৰু শান্তিৰ আখৰা। ৰৌতাৰ বড়োলেণ্ড পথাৰত শুকুৰবাৰে স্থাপন কৰা হ'ল নিখিল বড়ো ছাত্ৰ সন্থাৰ ৫৫ তম অধিৱেশনৰ লাইখুটা। বড়োলেণ্ড শান্তি চুক্তিৰ প্ৰতিষ্ঠা দিৱসতে অনুষ্ঠিত হ'ব এবছুৰ কেন্দ্ৰীয় অধিৱেশন।

নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বীপেন বড়ো আৰু বি টি আৰৰ কাৰ্যবাহী সদস্যৰ উপস্থিতিত স্থাপন হ'ল লাইখুটা। ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে বড়োলেণ্ড পথাৰত আজি লাইখুটা স্থাপন কৰি আৰম্ভ কৰিলে অধিৱেশনৰ প্ৰস্তুতি। অধিৱেশনৰ মূল মন্ত্ৰ শিক্ষা, সংস্কৃতি, শান্তি আৰু প্ৰগতিৰ বতৰা।

২৭ জানুৱাৰীত প্ৰতিনিধি সভাত বি টি আৰ শান্তি চুক্তি কাৰ্যকৰী কৰণৰ ওপৰত হ'ব আলোচনা। অধিৱেশনত উপস্থিত থাকিব কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী। গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত থাকিব মুখ্য অতিথি হিচাপে। উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰীৰ লগতে বহু কেইগৰাকী অসম চৰকাৰৰ প্ৰতিনিধি।

ৰৌতাৰ বড়োলেণ্ড পথাৰত অহা জানুৱাৰী মাহৰ ২৬, ২৭, ২৮ আৰু ২৯ তাৰিখে অনুষ্ঠিত হ'ব অধিৱেশন। বিভিন্ন শ্ৰেণীৰ ৰাইজৰ উপস্থিতিত আজি লাইখুটা স্থাপন কৰি সকলোৰে সহায় সহযোগিতা আৰু আশীৰ্বাদ বিচাৰিলে এবছুৰ সভাপতি দ্বীপেন বড়োৱে।

নতুন শিক্ষা নীতিৰ ওপৰত চৰকাৰে পৰীক্ষা অনুষ্ঠিত কৰাৰ যাতে কোনো বিসংগতি নহয় তাৰ বাবে দৃষ্টিগোচৰ ৰাখি চৰকাৰৰ সৈতে আলোচনা কৰিব এবছুৱে।