অসম

ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ দ্বিতীয় সংযোজনত উচ্ছেদ অভিযান...

Asomiya Pratidin

ডিজিটেল সংবাদ, ওৰাং : ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ দ্বিতীয় সংযোজনৰ বৃহৎ অঞ্চল শোণিতপুৰ বৰছলাত দেওবাৰৰে পৰা চলিছে প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান ৷ অঞ্চলটোৰ ৯ টাকৈ ব্ৰহ্মপুত্ৰৰ চৰ-চাপৰিত উচ্ছেদ চলাবলৈ নামি পৰিছে প্ৰশাসন ৷

ইয়াৰ বাবে প্ৰশাসনে শিঙৰীত স্থাপন কৰিছে বৃহৎ নিয়ন্ত্ৰণকক্ষ আৰু শিবিৰ ৷ শিঙৰীৰ পৰাই উচ্ছেদৰ সম্পূৰ্ণ দিশ নিয়ন্ত্ৰণ কৰিছে প্ৰশাসনে ৷ লগতে উক্ত স্থানত মোতায়ন কৰা হৈছে দৰং ও শোণিতপুৰৰ বৃহৎ নিৰাপত্তাৰক্ষী ৷ পুৱা ৮ বজাৰ পৰা শোণিতপুৰৰ বৰছলাৰ ৯ টা চৰত চলিছে এই উচ্ছেদ অভিযান ৷ ৯ টা চৰৰ বেদখলকাৰীৰ সংখ্যা মুঠ ৪,৯৮০ জন থকাৰ বিপৰীতে ৭৯৭ টা বেদখলকাৰীৰ ঘৰ আছে ৷

প্ৰথম দিনা উচ্ছেদ চলা অঞ্চলবোৰ হৈছে শোণিতপুৰৰ ঠেংভঙা চৰ, চৰ্দাৰ চৰ, বিশখুটি চৰ, পানচু চৰ, টেঙাগুৰী চৰ ৷ য'ত ৩,১৮৭ গৰাকী বেদখলকাৰীৰ থকাৰ বিপৰীতে ৫১২টা ঘৰ আছে ৷ আনহাতে দ্বিতীয় দিনা অৰ্থাৎ ২৯ মে'ত মুছলিম চৰ, চাদ্দুটিলা চৰ, শিঙৰী চৰ, চিতলমাৰী চৰত উচ্ছেদ চলাৰ কথা অৱগত কৰিছে ৷ য'ত ১৮৯৩ গৰাকী বেদখলকাৰীৰ বিপৰীতে ২৮৫ টা ঘৰ আছে ৷

উল্লেখ্য যে, শোণিতপুৰৰ বৰছলা ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ দ্বিতীয় সংযোজন এলেকাত চলি থকা উচ্ছেদ অভিযানৰ তদাৰক কৰিবলৈ উপস্থিত হয় শোণিতপুৰ জিলা উপায়ুক্ত দেৱ প্ৰসাদ মিশ্ৰ, মুখ্য বনসংৰক্ষক এম কে যাদৱ, মুখ্য বন্যপ্ৰাণী সংৰক্ষক সন্দীপ কুমাৰ ৷