অসম

বিজেপিৰ বিৰুদ্ধে তৎপৰ কংগ্ৰেছ, ১১ ৰাজনৈতিক দলৰ বৈঠক

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বিজেপি আৰু এ আই ইউ ডি এফৰ বিৰুদ্ধে তৎপৰ গৈ পৰিছে কংগ্ৰেছ। পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনৰ পূৰ্ব অসমৰ বিৰোধী ৰাজনৈতিক দল সমূহক একগোট কৰি একেলদে যুঁজ দিয়াৰ চেষ্টা চলাইছে কংগ্ৰেছে। সেয়েহে বৃহস্পতিবাৰে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ প্ৰতিনিধিৰ উপস্থিতিত গুৱাহাটীত ১১ টা বিৰোধী দলক লৈ এক বৈঠক অনুষ্ঠিত হয়।

হোটেল লিলিত অনুষ্ঠিত হোৱ বৈঠকত আমন্ত্ৰণ নাপালে বদৰুদ্দিন আজমলৰ নেতৃত্বধীন এ আই ইউ ডি এফ দলে। ইয়াৰোপৰি আম আদমি পাৰ্টিৰ প্ৰতিনিধিয়ে এই বৈঠকত অংশ গ্ৰহণ নকৰিলে।

এই বৈঠকত সৱিশেষ শুকুৰবাৰে এক সংবাদমেল যোগে সদৰী কৰিব এ আই চি চিৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙে। কালিৰ বৈঠকৰ অন্তত ভূপেন বৰাই জানিবলৈ দিয়াৰ মতে ১১ টা বিৰোধী ৰাজনৈতিক দলৰ এখন সমন্বয়ৰক্ষী কমিটী গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তদুপৰি ১৩ মেত কৰ্ণাটকৰ নিৰ্বাচনী ফলাফল ঘোষণাৰ পাছত এই দল কেইটাই নিৰ্বচনী ৰেলীও অনুষ্ঠিত কৰিব।

উল্লেখ্য যে, এই বৈঠকৰ পূৰ্বে জীতেন্দ্ৰ সিঙে কয় যে বিজেপিৰ ৰাজনৈতিক স্বাৰ্থত বি টিম ৰূপে কাম কৰি থকা বদৰুদ্দিনৰ লগত কোন পধ্যেই মিত্ৰতা নহয়।