অসম

লামডিংত অপেন বেডমিন্টন চেম্পিয়নশ্বিপ প্ৰতিযোগিতা

Asomiya Pratidin

ডিজিটেল সংবাদ,লামডিংঃ ছেলি ফাউণ্ডেশ্যনৰ উদ্যোগত মংগলবাৰৰ পৰা লামডিং নেচনেল বিদ্যাল়য় খেল পথাৰত বেডমিন্টন চেম্পিয়নশ্বিপ প্ৰতিযোগিতাৰ আৰম্ভ হয় ৷ মংগলবাৰে সন্ধিয়া অনুষ্ঠিত হোৱা প্ৰতিযোগিতা খনৰ শুভ উদ্বোধন কৰে লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ আৰু হোজাই মহকুমাৰ মহকুমাপতি লাচিত দাসে ৷

তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা এই প্ৰতিযোগিতাখন লামডিঙৰ মুঠ ৬০ জনকৈ খেলুৱৈ অংশগ্ৰহন কৰে ৷ খেল ধেমালিৰ মাজেৰে ৰেল নগৰী লামডিং খনক এখন আদৰ্শ লামডিং হিচাপে গঢ়ি তুলিব বুলি মন্তব্য কৰে লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ।

ক্ৰীড়া জগতত উঠি অহা নৱপ্ৰজন্মক ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকাই তুলিবলৈ কেৱল লামডিঙতেই নহয় সমগ্ৰ হোজাই মহকুমাৰ বিভিন্ন স্থানকে সামৰি এনে খেলৰ আয়োজন কৰা উচিত হ'ব বুলি মন্তব্য কৰে হোজাই জিলাৰ মহকুমাপতি লাচিত দাসে ৷ মহকুমাধিপতি লাচিত দাস আৰু বিধায়ক শিবু মিশ্ৰই প্ৰতিযোগিতাত খেলুৱৈ হিচাপে অংশগ্ৰহন কৰি উৎসাহিত কৰে প্ৰতিযোগীসকলক।