অসম

অগপ দলৰ অন্যতম প্ৰতিস্থাপক হৰেন গগৈৰ বিয়োগ

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা : প্ৰবীণ আঞ্চলিকতাবাদী নেতা, অসম গণ পৰিষদ দলৰ অন্যতম প্ৰতিষ্ঠাপক, পশ্চিম মাছখোৱাৰ অন্যতম সমাজহিতৈষী হৰেন গগৈৰ সোমবাৰে গধূলি ৫ বজাত পৰলোকপ্ৰাপ্তি ঘটে।

সাপতীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাবে বৃহত্তৰ অঞ্চলটোত উৎকৃষ্ট মানৱ সম্পদ সৃষ্টিত বৰেণ্য অৱদান আগবঢ়াই যোৱা শিক্ষাগুৰু গৰাকীয়ে অসম চৰকাৰৰ শিক্ষা বৰ্ডৰ সন্মানীয় সদস্য পদত অধিষ্ঠিত হৈ অভূতপূৰ্ব জন সেৱা আগবঢ়াই গৈছে। উচ্চ ৰক্তচাপ জনিত ৰোগত আক্ৰান্ত হোৱা ঢকুৱাখনা মহকুমাৰ হাৰ্হি চাপৰি গাঁওৰ বাসিন্দা গগৈ স্বাস্থ্যৰ অৱনতি ঘটাত অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসা প্ৰদান কৰি থকা অৱস্থাতে সোমবাৰে সন্ধিয়া শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত গগৈৰ বয়স হৈছিল প্ৰায় ৬৮ বছৰ ।

অগপ দলৰ প্ৰবীণ  নেতা, বিশিষ্ট শিক্ষাবিদ গৰাকীৰ বিয়োগত সমগ্ৰ পশ্চিম মাছখোৱা অঞ্চলত শোকৰ ছাঁ পৰিছে ।  পত্নী, ২ পুত্ৰ ৩ গৰাকী কন্যা সহ অজস্ৰ ইষ্ট কুটুম্বক ইহ সংসাৰত এৰি যোৱা গগৈৰ বিয়োগত অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক সমুজ্জল চেতিয়া, ধেমাজি জিলা অগপৰ সভাপতি লক্ষীধৰ শেনচোৱা, জিলা অগপ দলৰ নেতা দুলাল দত্ত, হাৰ্হি জিলা পৰিষদৰ সদস্যা টিটু মণি গোঁহাই চেতিয়া, দলৰ হাৰ্হি মাণ্ডলিকৰ সভাপতি নোমল গগৈ, আদিয়ে গভীৰ শোক প্ৰকাশ কৰি বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছে। লগতে দলীয় নেতৃবৰ্গই শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।