অসম

গোসাইগাঁৱত এজনক দলবদ্ধ আক্ৰমণঃ আটক সাতজনক...

Asomiya Pratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ গোসাইগাঁও মহকুমাৰ শিমুলটাপু আৰক্ষী চকীৰ অন্তৰ্গত গকুলকাটা ব্লকত শনিবাৰে বিয়লি ভূমি বিবাদক কেন্দ্ৰ এজন লোকক দলবদ্ধ ভাৱে আক্ৰমণ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ জানিব পৰা মতে শিমুলটাপু ব্লক গাঁৱৰ নিবাসী নৰেন সৰকাৰ আৰু ইদ্দিছ আলী শ্বেখৰ পৰিয়ালৰ মাজত এডোখৰ মাটিক লৈ কিছুদিনৰ পৰা মতানৈক্য চলি আছিল ৷

বিবাদমান মাটিক লৈ কালি দিনৰ ভাগত পথাৰতে নৰেন সৰকাৰ আৰু ইদৰিছ আলীৰ মাজত তীব্ৰ বাক-বিতণ্ডা হয় ৷ কিছু সময় পাছত নৰেন সৰকাৰ নিজ গৃহত উপস্থিত হোৱাৰ পাছতেই ইদ্দিছ আলীয়ে পৰিয়ালৰ ৮ জন সদস্যক লৈ নৰেন সৰকাৰৰ গৃহত উপস্থিত হৈ ঘৰৰ দুৱাৰ ভাঙি নৰেন সৰকাৰক দলবদ্ধভাৱে আক্ৰমন চলায়। আক্ৰমণত তেজেৰে লুতুৰি-পুতুৰি হৈ নৰেন সৰকাৰ মাটিত ঢলি পৰে ৷

পিছত পৰিয়ালৰ লোকে নৰেন সৰকাৰক গোসাইগাঁও আৰ এন বি চিকিৎসালয়ত ভৰ্তি কৰে ৷ আৰক্ষীয়ে অভিযুক্ত ইদ্দিছ আলী আৰু তেওঁৰ পত্নী মমতাজ বিবি, পুত্ৰ মনতাজ আলী শ্বেখৰ লগতে পৰিয়ালৰ আন সদস্য ক্ৰমে ময়নাল শ্বেখ, ফজৰ আলী ফকিৰ, কুদ্দুছ আলী শ্বেখ, ৰফিকুল ইছলাম ফকিৰ, ৰহিমা বিবিক আটক কৰিছে ৷

এই ঘটনাৰ পিছতেই বিজেপিৰ কাৰ্যবাহী সদস্য ৰেওৰেওয়া নাৰ্জিহাৰী লগতে দল সংগঠনৰ নেতৃবৃন্দই নৰেন সৰকাৰৰ গৃহত উপস্থিত হৈ ঘটনাৰ বুজ লয় ৷