অসম

চাৰিমুঠিয়াত পানী পৰি এজনৰ মৃত্যু

Asomiya Pratidin

ডিজিটেল সংবাদ,চৰাইদেউঃ চৰাইদেউ জিলাৰ টেঙাপুখুৰী আৰক্ষী চকী অন্তৰ্গত চাৰিমুঠিয়াত অঘটন। মঙলবাৰে চাৰিমুঠীয়া গোঁহাই হাবি গাঁৱত পুখুৰীত পৰি এজন লোকৰ মৃত্যু হয় ৷

মৃত ব্যক্তিজনৰ নাম মংগল ভূমিজ(৭১) ৷ লোকজনে ঘৰৰ নিচেই সমীপৰ থকা পুখুৰীৰ পৰা পানী তুলিবলৈ লওঁতেই হঠাৎ পিছলি পৰি কৰুণভাৱে মৃত্যুক সাৱতি লয় ৷ এই ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাই ৷