ৰৌতাত গ্ৰেনেডসহ এজনক আটক...
ৰৌতাত গ্ৰেনেডসহ এজনক আটক... 
অসম

ৰৌতাত গ্ৰেনেডসহ এজনক আটক...

Asomiya Pratidin

ডিজিটেল সংবাদ ওৰাংঃ ৰৌতাত আৰক্ষীৰ অভিযানত গ্ৰেনেডসহ এজনক আটক কৰা হৈছে।গোপন খবৰৰ ভিত্তিত বুধবাৰে ওদালগুৰি আৰক্ষীৰ এটি দলে অভিযান চলাই গ্ৰেনেডসহ লোকজনক আটক কৰিবলৈ সক্ষম হয়।

এই সন্দৰ্ভত আৰক্ষীয়ে আনুষ্ঠানিকভাৱে এতিয়ালৈ কোনো তথ্য প্ৰকাশ কৰা নাই যদিও অনানুষ্ঠানিক সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি বুধবাৰে গোপন খবৰৰ পমখেদি ওদালগুৰিৰ মাজমজিয়াৰ পৰা অভিযান চলাই অমিত নামৰ লোকজনক আটক কৰে।

আটকাধীন অমিতৰ স্বীকাৰোক্তিৰ ভিত্তিত ৰৌতাৰ মাধৱগোহাঁইৰ এঘৰ লোকৰ বাৰিৰ পিছফালে পুতি ৰখা অৱস্থাত গ্ৰেনেডটো আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আটকাধীন লোকজনৰ স্বীকাৰোক্তিৰ ভিত্তিতে ওদালগুৰি আৰক্ষীয়ে আৰু কেইবা ঠাইত অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

আনহাতে আটকাধীন লোকজন কোনো উগ্ৰপন্থী সংগঠনৰ সৈতে জড়িত হয় নে নহয় এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই যদিও আৰক্ষীৰ তদন্তত স্পষ্ট হ'ব।