অসম

নুমলীগড়ত হাতী-মানুহৰ সংঘাতৰ ভয়ংকৰ ৰূপ, কেইবাটাও বাসগৃহ ভাঙি তচনচ

Asomiya Pratidin

ডিজিটেল সংবাদ, নুমলীগড় : একমাত্ৰ খাদ্য আৰু বাসস্থানৰ অভাৱৰ বাবেই জনাঞ্চলত বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত ৷ চাহ বাগিচা হৈ পৰিছে হাতীৰ বাসস্থান ৷ যাৰ ফলত দিনে নিশাই হাতীৰ জাকটোৱে চলাইছে উপদ্ৰৱ ৷

পেটৰ তাড়নাত মানুহৰ ঘৰ-বাৰী তহিলং কৰি চলাইছে উপদ্ৰৱ ৷ শনিবাৰে নিশা দৈগ্ৰোঙৰ মিৰিপথাৰ গাৱঁৰ মাজত প্ৰবেশ কৰি এক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰে হাতীৰ জাকটোৱে ৷ গাওঁখনৰ তিনিটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভাঙি ভিতৰত থকা সকলো সামগ্ৰী নষ্ট কৰাৰ লগতে খাদ্য সামগ্ৰী খাই তহিলং কৰে ৷

পৰিয়াল কেইটাৰ লোকসকল কথমপি পলাই সাৰে ৷ বাসস্থানৰ অভাৱ আৰু খাদ্যৰ অভাৱৰ বাবেই দীৰ্ঘদিনৰ পৰা মৰঙিৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতীৰ উপদ্ৰৱত ত্ৰাহিমধুসূদন সুৱঁৰিব লগা হৈছে ৰাইজে। চৰকাৰক হাতী - মানুহৰ সংঘাত উপসমৰ বাবে ব্যবস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে ৷