অসম

হিন্দী চিনেমাৰ দৰেই কাহিনীঃ উত্তৰ গুৱাহাটীৰ অপহৰণ কাণ্ডৰ ৰহস্য ফাদিল...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অৱশেষত ফাদিল হ'ল ৰহস্য। অপহৰণ নাছিল, সেয়া আছিল দুই প্ৰেমিক যুগলৰ কাহিনী। বৃহস্পতিবাৰে সন্ধিয়া হঠাৎ আহিছিল এক খবৰ। উত্তৰ গুৱাহাটী কলেজৰ এগৰাকী ছাত্ৰীক অপহৰণৰ চেষ্টা।

এখন ছুইফ্ট ডিজায়াৰত অহা এটা দুৰ্বৃত্তৰ দলে অপহৰণ কৰি ছাত্ৰীগৰাকীক এ এছ ০১ ডিবি ৪৩৩৫ নম্বৰৰ ছুইফ্ট ডিজায়াৰ বাহনখনত উঠাই নিছে। খবৰ আহিছিল কলেজৰ ইউনিফৰ্মতে থকা ছাত্ৰীগৰাকীয়ে আত্মৰক্ষাৰ বাবে চিঞৰ-বাখৰ কৰিছিল যদিও আত্মৰক্ষা কৰিব নোৱাৰিলে।

ইফালে এই অপহৰণকাৰী দলটোৰ পিছলৈছিল স্থানীয় কেইজনমান যুৱক। অপহৰণকাৰী এই দলটোৱে যুৱতীগৰাকীক লৈ গুৱাহাটীৰ দিশে ৰাওনা হৈছিল। তাৰ পাছতেই হাহাকাৰ লাগিছিল উত্তৰ গুৱাহাটী আৰক্ষীত।

আৰক্ষীয়ে আৰম্ভ কৰিছিল অপহৃত ছাত্ৰীগৰাকীৰ উদ্ধাৰৰ বাবে তদন্ত। শেহতীয়াকৈ লাভ কৰা খবৰ অনুসৰি সেয়া কোনো অপহৰণ কাণ্ড নাছিল। দৰাচলতে এয়া আছিল এক প্ৰেম কাহিনী।

এই প্ৰেম কাহিনীৰ নায়িকা ‘অপহৃতা’ ছাত্ৰীগৰাকী আৰু নায়ক (!) ছুইফ্ট ডিজায়াৰ লৈ অহা সেই যুৱকজন। জানিব পৰা মতে এই ছাত্ৰীগৰাকীৰ এজন যুৱকৰে আছিল প্ৰেমৰ সম্পৰ্ক।

সৰ্থেবাৰীৰ এই ছোৱালীজনীৰ সেই সম্পৰ্ক মানি লোৱা নাছিল পৰিয়ালে। সেয়ে প্ৰেমিকৰ পৰা দূৰত ৰাখিবৰ বাবে উত্তৰ গুৱাহাটীৰ এঘৰ আত্মীয়ৰ ঘৰলৈ পঠিয়াই উত্তৰ গুৱাহাটী কলেজতেই নাম লগাই দিছিল।

কিন্তু ছোৱালীজনীৰ প্ৰেমিকৰ সেয়া সহ্য হোৱা নাছিল। সেয়ে প্ৰেমিকে প্ৰেমিকাক হৰণ কৰি নিবলৈ আহি উপস্থিত হ’ল উত্তৰ গুৱাহাটীত। তাৰ পাছতেই আৰম্ভ হয় এই অপহৰণৰ কাহিনী।

ছোৱালীজনীয়ে প্ৰেমিকৰ লগত যাবলৈ অমান্তি হয়। সেয়ে দুয়োৰে মাজত প্ৰথমে সৃষ্টি হৈছিল কাজিয়াৰ। জানিব পৰা মতে এতিয়া এই দুয়ো প্ৰেমিক যুগল আছে সৰ্থেবাৰীত ঘৰত।

এই ‘অপহৰণ’ৰ ঘটনাক লৈ ৰুজু হোৱা নাই কোনো গোচৰ। সন্ধিয়াৰ পৰা সৃষ্টি হোৱা এই অপহৰণৰ ঘটনাৰ প্ৰকৃত সত্য উন্মোচিত হোৱাৰ পাছতে এতিয়া উত্তৰ গুৱাহাটীত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। আমোদ বিচাৰি পাইছে বহুজনে।