দেশজুৰি চৰ্চিত নৰ্থ ইষ্ট ফেষ্টিভেলঃ আকৰ্ষণৰ কেন্দ্ৰ উত্তৰ পূবৰ বৈচিত্ৰময় সংস্কৃতি
দেশজুৰি চৰ্চিত নৰ্থ ইষ্ট ফেষ্টিভেলঃ আকৰ্ষণৰ কেন্দ্ৰ উত্তৰ পূবৰ বৈচিত্ৰময় সংস্কৃতি 
অসম

দেশজুৰি চৰ্চিত নৰ্থ ইষ্ট ফেষ্টিভেলঃ আকৰ্ষণৰ কেন্দ্ৰ উত্তৰ পূবৰ বৈচিত্ৰময় সংস্কৃতি

Asomiya Pratidin

ডিজিটেল ডেস্কঃ শীতৰ উমাল পৰিৱেশৰ মাজত তিনিদীয়াকৈ দিল্লীত অনুষ্ঠিত হৈ যায় একাদশ সংখ্যক নৰ্থ ইষ্ট ফেষ্টিভেল। সংস্কৃতি, সংগীত আৰু আঞ্চলিক বৈচিত্র্যৰ সমাহাৰেৰে তিনিদিনীয়া উদযাপন হোৱা এই ফেষ্টিভেল ২২ ডিচেম্বৰৰ পৰা ২৪ ডিচেম্বৰ পৰ্যন্ত বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত হৈ যায়।

এইবাৰ এই ফেষ্টিভেলৰ অন্যতম যোগাত্মক দিশটো হ'ল সকলো ৰাষ্ট্ৰীয় সংবাদ মাধ্যমেই উত্তৰ পূৰ্বাঞ্চলৰ বৈচিত্ৰময় কলা, সংস্কৃতি তথা অঞ্চলটোৰ পৰ্যটনৰ দিশসমূহক গুৰুত্ব প্ৰদান কৰি এই ফেষ্টিভেলৰ বাতৰি প্ৰচাৰ কৰি উত্তৰ পূৰ্বাঞ্চলৰ বিষয়ে দেশৰ আন প্ৰান্তৰ লোকসকলৰ মাজত উৎসুকতা বৃদ্ধি কৰা।

উল্লেখ্য, এইবাৰ দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত আয়োজিত অনুষ্ঠানত ক্রেতা, কলা-সংস্কৃতিপ্রেমীকে ধৰি খাদ্যৰসিকসকলৰ ব্যাপক সমাগম ঘটে। প্রথম দিনকেইটাত বলিউডৰ জনপ্ৰিয়ং সংগীত শিল্পী তথা অসম সন্তান পাপন, বলিউড অভিনেত্ৰী, গায়িকা শ্রুতি হাছান আৰু অন্যান্য শিল্পীসকলৰ অনুষ্ঠান অনুষ্ঠিত হোৱাৰ পাছত অন্তিম দিনটোত জুবিন গার্গে সুৰৰ এক মায়াময় পৰিৱেশৰ সূচনা কৰে।

ইয়াৰোপৰি এইবাৰ এই ফেষ্টিভেলত ডিজে ন'-ডি, গাইগৌ বেণ্ড, ৰমণ লামা আৰু বেণ্ড, ৱাং ডেন পি শ্বেৰ্পা আৰু ৰাভাটৰৰ সুন্দৰ প্ৰদৰ্শনৰ লগতে বিশেষ কার্যসূচীত আছিল প্রয়াত নেপথ্য কণ্ঠশিল্পী কে কেৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই তেওঁৰ বেণ্ডৰ দ্বাৰা প্ৰদৰ্শিত বিশেষ সংগীতানুষ্ঠান।

নর্থ ইষ্ট ফেষ্টিভেলৰ মুখ্য সংগঠক শ্যামকানু মহন্তই এইবাৰৰ ফেষ্টিভেল সফল কৰি তোলাৰ বাবে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰি কয়- “দিল্লীয়ে নিৰন্তৰভাৱে আমাক মৰমৰ বৰ্ষাৰে সিক্ত কৰি আহিছে আৰু এই বছৰো ইয়াৰ ব্যতিক্ৰম নহ'ল। ৰাইজৰ সঁহাৰি সঁচাকৈয়ে চমৎকাৰ। তিনিওদিনেই আগ্রহী পৰ্যটকৰ ভিৰ দেখা গ'ল।

তেওঁ পুনৰ কয়, আমি প্রতিষ্ঠিত আৰু উদীয়মান দুই ধৰণৰ শিল্পীৰ বাবে মঞ্চ মুকলি কৰি ৰাখোঁ। বিক্ৰী আশাপ্রদ হোৱা বাবে বিপণীসমূহে সন্তুষ্টি প্রকাশ কৰাটোৱে আমাকো উৎসাহিত কৰিছে। পৰ্যটনৰ প্ৰতি দৰ্শনাৰ্থীসকলৰ গভীৰ আগ্রহ দেখা গ'ল। সকলোৰে বাবে ফেষ্টিভেলৰ বজাৰখন আছিল অন্যতম আকর্ষণ। সামগ্রিক ফলাফল আমি আশা কৰাৰো বহু উর্ধ্বতত। সকলোৰে সামুহিক প্ৰচেষ্টাৰ বাবে আন্তৰিক ধন্যবাদ জনাইছোঁ। অহা বছৰ আপোনালোকক পুনৰ আদৰণি জনাবলৈ আমি অপেক্ষাৰত।"

নাগালেণ্ডৰ ভূমি সম্পদ বিভাগৰ আয়ুক্ত সচিব ভি কেজোৱে কয়, “নর্থ ইষ্ট ফেষ্টিভেল দিল্লীত বাস কৰা উত্তৰ-পূবৰ ৰাইজৰ লগত দিল্লীবাসী আৰু সমগ্র দেশ আৰু দেশৰ বাহিৰৰ ব্যক্তিসকল জড়িত হোৱাৰ এক পুনৰুজ্জীৱিত মঞ্চ। আমাৰ বিপণীৰ কফিৰ মন জুৰোৱা সুকীয়া সোৱাদে বহুতো পর্যটকক আকৰ্ষিত কৰিছিল। নৰ্থ ইষ্ট ফেষ্টিভেলৰ সময়ত নাগালেণ্ডক কফি প্ৰদৰ্শনৰ সুযোগ প্রদান কৰা বাবে আমি আয়োজকসকলক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

এইবাৰ এই ফেষ্টিভেলত ফেশ্বন শ্ব', প্ৰদৰ্শনী, বিক্ৰী কেন্দ্ৰ, পৰম্পৰাগত আৰু থলুৱা খাদ্য, পানীয়ই খাদ্যৰসিকসকলক অনন্য সোৱাদ দিলে। ফেষ্টিভেলৰ অন্তিম দিনৰ কাৰ্যসূচীত উত্তৰ-পূব ভাৰতৰ সমস্যাসমূহক পোহৰলৈ উলিয়াই অনাৰ ক্ষেত্ৰত অসামান্য ভূমিকা লোৱা আঞ্চলিক সংবাদ মাধ্যমৰ সাংবাদিক চি কে নায়ক, কল্লোল ভৌমিক আৰু প্ৰাঞ্জল প্ৰতিম দাসক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।