অসম

কোভিড যোদ্ধাক বিশেষ সন্মান নকছাৰি আছুৰ…

asomiyapratidin

কোভিড যোদ্ধাক বিশেষ সন্মান নকছাৰি আছুৰ…

ডিজিটেল সংবাদ মৰিয়নী: কোৰোনা মহামাৰীৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰখা কোভিড যোদ্ধাসকলৰ প্ৰতি বিশেষ সন্মান সদৌ অসম ছাত্ৰ সন্থাৰ। ছাত্ৰ সংগঠনটোৰ নকছাৰি আঞ্চলিক শাখাই নকছাৰি অঞ্চলৰ বিভিন্ন কোভিড ভেক্সিন চেণ্টাৰত মহামাৰীৰ বিৰোদ্ধে দলে ৰ'দ-গৰমকো নেওচি থিয় দি ভেক্সিন প্ৰদান কৰা স্বাস্থ্যকৰ্মী সকলক আজি নকছাৰী আছুৰ তৰফৰ পৰা লঘু আহাৰ যোগান ধৰে।

ইয়াৰ উপৰিও আঞ্চলিক শাখাটোৱে অঞ্চলটোত ভেকক্সিন প্ৰদান প্ৰক্ৰিয়াক সুচাৰুৰূপে পৰিচালিত কৰা তিতাবৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ বিৰু বৰকাকতি আৰু খণ্ড আঁচনি প্ৰবন্ধক অজয় কুমাৰ বৰা ডাঙৰীয়াক এখনকৈ গামোচাৰে শুভেচ্ছা আৰু কৃতজ্ঞতা জনাই।

আঞ্চলিক ছাত্ৰ সন্থাটোৰ এই কাৰ্যসূচীত নেতৃত্ব প্ৰদান কৰে নকছাৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা অবিনাশ ফুকন, সভাপতি পৃথুৰাজ দুৱৰা, সাধাৰণ সম্পাদক মাধুৰ্য গগৈয়ে।লগতে উপ সভাপতি ঋতুৰাজ গগৈ , সহ সাধাৰণ সম্পাদক কৌশিক দুৱৰা আৰু কৌশিক ফুকনো উপস্থিত থাকে ।