অসমৰ চাহ উদ্যোগত কোভিডৰ মাধমাৰঃ এবছৰতে লোকচান ১২১৮কোটি…

অসমৰ চাহ উদ্যোগত কোভিডৰ মাধমাৰঃ এবছৰতে লোকচান ১২১৮কোটি…

ডিজিটেল ডেস্কঃ কোভিড পৰিস্থিতিয়ে মাধমাৰ সৰ্বাধিক মাধমাৰ সোধাইছে অসমৰ চাহ খেতিৰ ক্ষেত্ৰখনক। যোৱা এটা বছৰতে অসমৰ চাহ উদ্যোগে ১২১৮কোটিৰ লোকচান ভৰিব লগাত পৰিছে। কোভিড পৰিস্থিতিৰ বাবেই উৎপাদন আৰু বিপণনত পৰা নেতিবাচক প্ৰভাৱৰ ফলতে দেশৰ সৰ্বাধিক হাৰৰ লোকৰ কৰ্মক্ষেত্ৰ চাহ বাগিছাত এই নেতিবাচক প্ৰভাৱ পৰিছে। কেৱল যে কোভিড সংক্ৰমণ প্ৰতিৰোধৰ বাবে হোৱা লকডাউনৰ বাবে কেচাঁপাত সংগ্ৰহত বাধা, কাৰখানা বন্ধ আৰু বিপণন কেন্দ্ৰৰ পৰা প্ৰভাৱৰ ফলতে এনে হৈছে সেয়া সম্পূৰ্ণ শুদ্ধ নহয়।

বিভিন্ন চাহ বাগিছাই তোলা অভিযোগ মতে, চাহ বাগিছাসমূহত চুলাই মদ আৰু ড্ৰাগছৰ সেৱন আৰু সৰবৰাহ দ্ৰুতহাৰত বৃদ্ধি পোৱাৰ ফলত যুৱচামৰ মাজত ক্ৰমাৎ বৃদ্ধি পাইছে কৰ্মবিমুখ মানসিকতা। বহুবোৰ বাগিছাত যোৱা তিনিটা বছৰত পাত তোলাৰ সময়ত বা আন সময়ত সময়মতে কামলৈ ওলাই যোৱা চাহ শ্ৰমিক তথা কৰ্মচাৰীৰ হাৰ দ্ৰুত হাৰত বৃদ্ধি পাইছে।

শ্ৰমিকৰ বেংক একাউন্টত পোণপতীয়াকৈ সোমোৱা বিশেষ ৰাজসাহায্যৰ ধন, মাইক্ৰফাইনেন্সৰ সহজলভ্য ঋণ আদিয়ে বৃদ্ধি কৰা কৰ্ম বিমুখ চামটোৰ মাজত কামৰ পৰিৱৰ্তে বিলাসপ্ৰিয় প্ৰৱণতা বৃ্দ্ধি কৰাৰ কুফলৰ প্ৰভাৱো ইয়াত বাৰুকৈয়ে পৰিছে। অভিযোগমতে, জানিব পৰা মতে, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত এফ চি আইৰ জৰিয়তে এ এ ৱাই, এ পি এল, বি পি এল, এম এম এ এছ ৱাইৰ পুৰণি আৰু নতুন এই সকলো আচনি মিলাই প্ৰতিমাহে ৰাজ্যখনৰ ৫৮,৯৪,২৭৬খন কাৰ্ডৰ বিপৰীতে ২,৫১,১৭০৭৩ লোকৰ বাবে প্ৰায় ডেৰ লাখ মেট্ৰিকটন নিয়মীয়াভাৱে যোগান ধৰা হয় যদিও চাহ বাগিছা অধ্যুষিত এলেকাৰে ভৰা জিলাসমূহত খাদ্য সুৰক্ষা আইনৰ অধীনৰ বৃহৎ পৰিমাণৰ বিনামূলীয়া চাউলৰ ৫০শতাংশৱে বিভিন্ন ধৰণৰ দেশীয় মদ আৰু চাউলৰ পৰা বনোৱা বিয়েৰ প্ৰস্তুত কৰা অবৈধ ঘাটিলৈ চোৰাং ভাৱে সৰবৰাহ হয়।

লকডাউনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ২০২০বৰ্ষৰ মাৰ্চ, এপ্ৰিল, মে এই তিনিটা মাহৰ বাবেই বিশেষ এক আচনি প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাৰ অধীনত প্ৰায় ১লাখ ৭৫হাজাৰ মেট্ৰিক টন চাউল অসমৰ বাবে আৱন্টন দিছিল। কিন্তু এফ চি আয়ে অসমৰ যোগান বিভাগৰ মাধ্যমত গাও পঞ্চায়ত আৰু গ্ৰাহক সুৰক্ষাৰ নামত আৱন্টিত এই চাউল নিগমৰ গুদামৰ পৰা মোকলাই দিয়ে যদিও ইয়াৰ সিংহভাগ চোৰাং বজাৰখনলৈ ওলাই যায়।

চাহ বাগিছা এলেকাটো বিনামূলীয়া চাইল পৰ্যাপ্ত হৈ পৰাত চুলাই মদকে ধৰি সুৰাজাতীয় সামগ্ৰীৰ উৎপাদন কেইবাগুণলৈ বৃদ্ধি পোৱা বাগিছাৰ কামলৈ ওলাই যোৱা কৰ্মীৰ সংখ্যা হ্ৰাস পাবলৈ ধৰিছে। আনহাতে কোভিড প্ৰটকল অনুসৰি লকডাউনৰ কৱলত থকা বাগিছাসমূহত কাম-কাজ বন্ধ আছিল, সেয়েহে এই সময়চোৱাত বিষাক্ত সুৰা আৰু দেশীয় মদ বুলি কোৱা স্বাস্থ্য হানিকৰ মদৰ ব্যৱহাৰ দুগুণলৈ বৃদ্ধি পায়। যাৰ প্ৰভাৱ বাগিছাসমূহৰ উৎপাদনতো বাৰুকৈয়ে পৰে। উল্লেখ কৰা প্ৰয়োজন যে, চাহ বাগিছাৰে ভৰপূৰ তিনিচুকীয়া, নগাঁও, ডিব্ৰুগড়, শিৱসাগৰ আদি জিলাত খাদ্য সুৰক্ষা আইন আৰু প্ৰধানমন্ত্ৰীৰ বিশেষ গৰীৱ কল্যাণ আচনিৰ উপভোক্তাৰ সংখ্যাও সৰ্বাধিক।

উল্লেখ কৰা প্ৰয়োজন যে, অসমৰ ২১লাখ ৬২হাজাৰ হেক্টৰ চৰকাৰ আৱন্টিত মাটি আৰু ইয়াৰ আধা পৰিমাণৰ ব্যক্তিগত পট্টা অথবা বেদখলীকৃত মাটিত চাহ খেতি হয়। ১০০বিঘাৰ পৰা ওপৰলৈ থকা চাহ বাগিছা সমূহৰ প্ৰায় ১৫হাজাৰ চাহ বাগিছা অধিকাংশৱে এনে মাটিত প্ৰতিষ্ঠিত। যিসমূহ বাগিছাই অসমৰ মুঠ চাহ উৎপাদনৰ ৯শতাংশৰো অধিক চাহ উৎপাদন কৰে। আনহাতে ২১লাখ ৬২হাজাৰ হেক্টৰ চৰকাৰ আৱন্টিত মাটিত প্ৰতিষ্ঠিত ৭৬৫খন প্ৰধান চাহ বাগিছাত কৰ্মসংস্থান লৈ থকা চাহ কৰ্মচাৰী আৰু শ্ৰমিকৰ সংখ্যা হল ৭লক্ষাধিক। যিসংখ্যা সমগ্ৰ দেশৰ মুঠ ১১লাখ চাহ কৰ্মচাৰীৰ দুই তৃতীয়াংশ।

অথাৎ নিয়োগ আৰু অৰ্থনীতিৰ ক্ষেত্ৰখনত সৰ্বাধিক ভূমিকা লৈ থকা দেশৰ প্ৰধান এই ক্ষেত্ৰখনত লোকচানৰ পৰিমাণ দ্ৰুতহাৰত বৃদ্ধি পোৱাৰ লগে লগে দেশৰ অৰ্থনীতিৰ লগতে নিয়োগ ক্ষেত্ৰখনলৈও প্ৰচণ্ড ভাবুকি আহিছে। বিশ্বৰ ভিতৰতে গুৰুত্বপূৰ্ণ গুৱাহাটী চাহ নিলাম কেন্দ্ৰত কোভিড পৰিস্থিতিৰ বাবে যোৱা দুটা বছৰত দ্ৰুতহাৰত হ্ৰাস পাইছে নিলামৰ পৰিমাণ। এক হিচাপ মতে, এই সময়ত ৮০নিযুত কেজি চাহৰ লোকচান হৈছে।

ইফালে উদ্যোগ খণ্ডলৈ নামি অহা এই দেউলীয়াপনৰ বাবেই ৩০শতাংশ চাহ বাগিছাই তেওঁলোকৰ শ্ৰমিক কৰ্মচাৰীৰ কৰ্মচাৰী বীমাৰ ধন জমা দিব পৰা নাই। ইফালে হিন্দুস্তান পেপাৰ কৰ্পাৰেচনৰ দৰেই কলকাতাত টি বৰ্ডৰো মুখ্য কাৰ্যালয় পাতি লৈ অসমৰ চাহ বাগিছাসমূহৰ উপাৰ্জনৰ পুঁজি শৰাধ কৰাৰ বাহিৰে চাহ ক্ষেত্ৰখনৰ উন্নয়নৰ বাবে কোনো দিন একো কৰা নাই। কেগৰ প্ৰতিবেদনতে এই অভিযোগ কৰা হৈছে যে, কলকতা টি বৰ্ডৰ অধীনত ৬০৮গৰাকী বিষয়া-কৰ্মচাৰীক বছৰি ৪২কোটি টকা দৰমহাকে ধৰি অন্যান্য সুবিধা প্ৰদান কৰা হয় যদিও তেওঁলোকে চাহ ক্ষেত্ৰখনৰ সংকটমোচনৰ পদক্ষেপ গ্ৰহণৰ পৰিকল্পনা কৰাটো বাদেই বছৰ বছৰ ধৰি নিৰ্ভৰযোগ্য কোনো তথ্য দাখিল কৰিব পৰা নাই। এয়া অসমৰ চাহ উদ্যোগৰ ভৱিষ্যতৰ বাবে এক অশনি সংকেত।

ইফালে ইউনিলিভাৰ, টাটা আদি বৃহৎ চাহগোষ্ঠীয়ে চাহ খেতি আৰু বাণিজ্যৰ সাম্ভাৱ্য সংকটৰ আশংকা কৰি ১৫বছৰৰ আগৰ পৰাই চৰকাৰৰ সহায়তে বিকল্প কৃষি প্ৰকল্প আৰম্ভ কৰে যদিও অসমৰ লক্ষাধিক শিক্ষিত নিবনুৱাই তামোল-পাণ নাৰিকল-কমলাৰ বাৰী ধ্বংস কৰি চাহপুলি ৰোপনেৰে অধিক উপাৰ্জনৰ পথ গ্ৰহণ কৰি ক্ষুদ্ৰ চাহ বাগিছাক এক বিল্পৱৰ ৰূপ দিয়ে। কিন্তু ফেক্টৰী নথকাৰ বাবে ডাঙৰ চাহ বাগিছাক কেচাঁপাত বিক্ৰী কৰিবলৈ বাধ্য হোৱা এইসকল চাহ খেতিয়ক বিগত কেইবছৰমানত উপৰ্যুপৰি সংকটৰ সন্মুখীন হৈ আহিছে। কিয়নো বৃহত বাগিছাই নিজৰ লাভক প্ৰাধান্য দি পাত তোলাৰ ভৰপক বতৰত কেচাঁপাতৰ দাম কমাই দিয়াৰ প্ৰৱণতা নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত চৰকাৰে কোনো দৃঢ় পদক্ষেপ আজিলৈকে গ্ৰহণ কৰিব নোৱাৰিলে। ইফালে অতি কৌশলপূৰ্ণভাৱে বাগিছা শ্ৰমিকৰ বোজাতো লাহে লাহে বৃহত বাগিছাত কমাৰ বিপৰীতে ক্ষুদ্ৰ বাগিছাত বৃদ্ধি পাইছে। সেয়া যিয়েই নহওঁক কোভিডকালীন সময়ত দেশৰ অৰ্থনীতিৰ গুৰুত্বপূৰ্ণ অংশীদাৰ হোৱা অসমৰ চাহ উদ্যোগে এটা বছৰতে ১২১৮কোটি টকাৰ লোকচান ভৰিব লগা হোৱা অৱস্থাটোৱে অসমৰ কৃষি অৰ্থনীতিৰ সাম্ভাৱ্য বিপৰ্যয়ৰ ইংগিতো বহন কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in