Judicial City Assam: মুখ্যমন্ত্ৰীৰ জালুকবাৰী সমষ্টিৰ ১০০ বিঘা ভূমিত হ'ব জুডিচিয়েল চিটি...
Judicial City Assam: মুখ্যমন্ত্ৰীৰ জালুকবাৰী সমষ্টিৰ ১০০ বিঘা ভূমিত হ'ব জুডিচিয়েল চিটি... 
অসম

Judicial City Assam: মুখ্যমন্ত্ৰীৰ জালুকবাৰী সমষ্টিৰ ১০০ বিঘা ভূমিত হ'ব জুডিচিয়েল চিটি...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) ই প্ৰতিনিধিত্ব কৰা জালুকবাৰী সমষ্টিৰ অন্তৰ্গত আমিনগাঁৱত স্থাপন হ'ব নতুন উচ্চ ন্যায়ালয় চৌহদ তথা জুডিচিয়েল চিটি (Judicial City)। আমিনগাঁৱৰ ৰংমহলৰ ১০০ বিঘা ভূমিত নিৰ্মাণ কৰা হ'ব এই জুডিচিয়েল চিটি (Judicial City)।

এই জুডিচিয়েল চিটিত থাকিব কামৰূপ মেট্ৰ', কামৰূপ জিলাৰ সকলো নিম্ন আদালত, ন্যায়াধীশ, বিষয়া-কৰ্মচাৰীৰ আবাস। এই সন্দৰ্ভত যোৱা ২৩ মে'ত জনতা ভৱনত অনুষ্ঠিত হোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

ইতিমধ্যে এই জুডিচিয়েল চিটি তথা নতুন উচ্চ ন্যায়ালয় চৌহদ নিৰ্মাণৰ বাবে এখন কমিটী গঠন কৰা হৈছে। এই কমিটীৰ সদস্য হিচাপে থাকিব ৰাজ্যচৰকাৰৰ মহাধিবক্তা, মুখ্য সচিব, এল আৰ, ন্যায়িক বিভাগ, উপায়ুক্ত কামৰূপ। আৰু সদস্য সচিব হিচাপে থাকিব লোক নিৰ্মাণ বিভাগৰ বিশেষ আয়ুক্ত আৰু বিশেষ সচিব।

এই কমিটীয়ে ৰংমহল এলেকাৰ প্ৰস্তাৱিত ২৪০ বিঘা ভূমি পৰিদৰ্শন কৰিব আৰু ইয়াৰ ১০০ বিঘা ভূমিত স্থাপন কৰি এই নতুন উচ্চ ন্যায়ালয় চৌহদ তথা জুডিচিয়েল চিটি। এই ১০০ বিঘা ভূমি চূড়ান্ত হোৱাৰ পাছতে উপায়ুক্তই ভূমি অধিগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ কৰিব। ইয়াৰ পাছতে লোক নিৰ্মাণ বিভাগৰ আয়ুক্ত আৰু সচিবে ডি পি আৰ প্ৰস্তুতৰ বাবে নিবিদা আহ্বান কৰিব।