new born baby
new born baby 
অসম

অমানৱীয়! বৰষুণৰ মাজতে ৰাজপথত পেলাই থৈ গ'ল ১০ দিনীয়া নৱজাতকক...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ লক্ষীপথাৰত উদ্ধাৰ নৱজাতক উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। সোমবাৰে উদ্ধাৰ হয় নৱজাতকটি।

পথৰ কাষত পৰি আছিল শিশুটি। বৰষুণত তিতি-বুৰি থকা অৱস্থাত প্রত্যক্ষ কৰে এগৰাকী শিক্ষয়িত্রীয়ে আৰু তাৰ পাছতে খবৰ দিয়ে আৰক্ষীক।

ঘটনাস্থলীত উৰিয়ামঘাট আৰক্ষী উপস্থিত হৈ নৱজাতকটিক উদ্ধাৰ কৰি ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। বৰ্তমান চিকিৎসা চলাই থকা হৈছে শিশুটিক।

উদ্ধাৰ হোৱাৰ নৱজাতকটিৰ বয়ক ১০ দিন মান হ'ব। কোনে,কিয় বৰষুণৰ মাজত এনেকৈ শিশুটি পেলাই থৈ গ'ল সেয়া সকলো ৰহস্যৰ আৱৰ্তত। আনহাতে উদ্ধাৰ হোৱা নাই নৱজাতকটিৰ পৰিচয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।