অসম

প্ৰবীণ শিক্ষাবিদ নীলিমা চেতিয়াৰ বিয়োগ

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনা মহকুমাৰ পশ্চিম মাছখোৱা অঞ্চলৰ সৰবৰহী ধৰ্মপ্ৰাণ মহিলা ,৩৭০ নং সাপতিয়া প্ৰাথমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত সহকাৰী শিক্ষয়িত্ৰী নীলিমা চেতিয়া(৬৫)ই মঙলবাৰে সন্ধিয়া ৭ বজাত শেষ নিশ্বাস ত্যাগ কৰে। দীৰ্ঘ দিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন  অৱস্থাত স্ব-গৃহত থকা ধৰ্মপ্ৰাণ মহিলা চেতিয়াৰ দুপৰীয়া স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটাৰ পাছত আজি মৃত্য বৰণ কৰে।

স্বামী দিলীপ চেতিয়া ,পুত্ৰ অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক সমুজ্জ্বল চেতিয়া  ,বোৱাৰী তথা  হাৰ্হি জিলা পৰিষদৰ সদস্য টিটো মণি গোঁহাই চেতিয়াকে ধৰি অজস্ৰ ইষ্ট কুটুম্বক ইস সংসাৰত এৰি থৈ যায়।

সৰবৰহী ধৰ্মপ্ৰাণ মহিলা গৰাকীৰ  বিয়োগত অগপৰ  ঢকুৱাখনা বিধান পৰিষদৰ সভাপতি হৰিচন্দ্ৰ বৰুৱা , যুৱ পৰিষদৰ জয়ন্ত দত্ত , মহিলা পৰিষদ , ধেমাজি জিলা গণ পৰিষদ , অগপৰ হাৰ্হি আঞ্চলিক সমিতি , বিজেপিৰ হাৰ্হি মণ্ডলৰ সভাপতি প্ৰণৱজিত গগৈ , ৩৭০ নং সাপতিয়া প্ৰাথমিক বিদ্যালয় পৰিচালনা সমিতিকে ধৰি বিভিন্ন সংগঠনে গভীৰ শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সম বেদনা জ্ঞাপন কৰিছে।

আৰু পঢ়ক: মাজবাটৰ পথ দুৰ্ঘটনাত থিতাতে মৃত্যু ৪ জনৰ