২৪ ডিচেম্বৰত মধুপুৰ সত্ৰ সমিতি আৰু সাহিত্য চৰ্চা কেন্দ্ৰৰ উদ্যোগত ৰাষ্ট্ৰীয় আলোচনা চক্ৰ...
২৪ ডিচেম্বৰত মধুপুৰ সত্ৰ সমিতি আৰু সাহিত্য চৰ্চা কেন্দ্ৰৰ উদ্যোগত ৰাষ্ট্ৰীয় আলোচনা চক্ৰ... 
অসম

২৪ ডিচেম্বৰত মধুপুৰ সত্ৰ সমিতি আৰু সাহিত্য চৰ্চা কেন্দ্ৰৰ উদ্যোগত ৰাষ্ট্ৰীয় আলোচনা চক্ৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ ধুবুৰীঃ ১৯৯৬ চনৰ পৰা কোচ বিহাৰ আৰু মধুপুৰ সত্ৰত অনুষ্ঠিত হৈ অহা মধুপুৰ মহোৎসৱ এইবাৰ অহা ২৪ আৰু ২৫ ডিচেম্বৰত বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। পুৰণি বৰ অসমৰ অংশ কোচ বিহাৰৰ লগতে পশ্চিম বংগৰ বিভিন্ন অঞ্চলত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ আৰু কৰ্মৰাজি প্ৰচাৰ আৰু প্ৰসাৰ কৰি গুৰুজনাক জগত সভালৈ নিয়াৰ প্ৰয়াসেৰে মধুপুৰ সত্ৰ সমিতিয়ে অবিৰত আৰু নিৰলসভাৱে চলাই অহা প্ৰচেষ্টাৰ অংশ হিচাপে আগন্তুক মধুপুৰ মহোৎসৱৰ লগত সংগতি ৰাখি অহা ২৪ ডিচেম্বৰত কোচ বিহাৰ চহৰত অৱস্থিত কোচ বিহাৰ জিলা প্ৰেক্ষাগৃহত এখন আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলোৱা হৈছে।

মধুপুৰ সত্ৰ সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে জনোৱা মতে, সাহিত্য চৰ্চা কেন্দ্ৰ, গুৱাহাটীৰ উদ্যোগত আৰু সত্ৰ সমিতি আৰু সত্ৰ সমিতিৰ সহযোগত এই আলোচনা চক্ৰখন অনুষ্ঠিত হ'ব। "মহাৰাজ নৰনাৰায়ণৰ সময়ৰ সাহিত্য আৰু সংস্কৃতিৰ অধ্যয়ন" শীৰ্ষক বিষয় বস্তুৰ আধাৰত এই মননশীল আলোচনা চক্ৰখন অনুষ্ঠিত হ'ব।

সাহিত্য চৰ্চা কেন্দ্ৰৰ সভাপতি আৰু মধুপুৰ সত্ৰ সমিতিৰ সম্পাদক কুমাৰ দীপক দাসৰ সঞ্চালনাত অনুষ্ঠিত হ'বলগীয়া এই ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ আলোচনা চক্ৰখনৰ মুখ্য অতিথি ৰূপে উপস্থিত থাকিব ড° সঞ্জীৱ পল ডেকা, সহকাৰী অধ্যাপক, তেজপুৰ বিশ্ববিদ্যালয় আৰু সমল ব্যক্তি হিচাপে উপস্থিত থাকিব ড° নৰেন্দ্ৰ নাথ ৰয়, অধ্যক্ষ, বাণেশ্বৰ সাৰথিবালা মহাবিদ্যালয়, পশ্চিম বংগ, কৃষ্ণগুৰু মাধ্যমিক বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° মাধুৰ্য্য মণ্ডিত বৰুৱা তথা পশ্চিম বংগৰ ৰায়গঞ্জ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য দীপক ৰয়।

সমন্বয়ক হিচাপে আলোচনাচক্ৰ পৰিচালনা কৰিব ড⁰ কৰ্ণ দাসে। এই অতি গুৰুত্বপূৰ্ণ আলোচনাচক্ৰখনৰ জৰিয়তে অসম আৰু পশ্চিমবংগৰ মাজত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে গঢ়ি তোলা ঐক্য আৰু সংহতিৰ বান্ধোন অধিক শক্তিশালী ৰূপত পুনৰ গঢ়ি তোলাৰ লক্ষ্য আগত ৰাখি আয়োজন কৰা আলোচনা চক্ৰ উদ্বোধন কৰিবলৈ অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক আমন্ত্ৰণ জনোৱা হৈছে।

আলোচনাচক্ৰত অংশ গ্ৰহণ কৰিব খোজা আগ্ৰহী লোকক ড° অনিৰুদ্ধ বৰ্মন (৯৪৩৪০২৬৭২৯) অথবা উমেশ দাস (৯৬৫১৫৬৩০৮৩)ৰ লগত যোগাযোগ কৰিবলৈ সাহিত্য চৰ্চা কেন্দ্ৰৰ যুটীয়া সম্পাদক ড° পৰিতোষ চক্ৰৱৰ্তী আৰু ড° ভৱেশ দাসে আহ্বান জনাইছে।